ETV Bharat / state

চৰকাৰলৈ নৰৈ ডেপি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ

author img

By

Published : May 28, 2021, 2:33 PM IST

কৰ’ণাৰ ভয়াৱহতা পাহৰি এখন গাঁৱৰ ৰাইজ হাতে কামে লাগিল বান প্ৰতিৰোধ কৰাত ৷ বহু বছৰ ধৰি চৰকাৰৰ পৰা উপেক্ষিত ৰাইজৰ এই প্ৰচেষ্টাও যে সুৰক্ষিত তাৰ কোনো নিশ্চয়তা নাই ৷ শেষ আশা হিচাপে, চৰকাৰৰ হস্তক্ষেপৰ আহ্বান জনাইছে ৰাইজে ৷

public tries their own to fight river bank erosion
চৰকাৰ নহয় ডেপি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ

জোনাই ২8 মে’: জোনাই সমষ্টিৰ অন্তৰ্গত গালী চিকাৰি গাওঁ পঞ্চায়তৰ গালী পালুং গাঁৱত অব্যাহত আছে ডেপি নদীৰ গৰাখহনীয়া । নদীখনৰ বাঢ়নি পানীয়ে অঞ্চলটোত ভাবুকিৰ সৃষ্টি কৰিছে যদিও অঞ্চলটোৰ গৰাখহনীয়া আৰু বান সমস্যা সমাধানৰ বাবে আজি পৰ্যন্ত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা । সেয়ে চৰকাৰলৈ বাট নাচাই হাতে হাতে দা, কোৰ, বাঁহ, লৈ পুৱাই উলাই আহিল গাঁৱৰ এদল গঞা ৷

ইফালে, বাৰিষাৰ আগমনৰ লগে লগে অধিক আতংকিত হৈ পৰিছে গালী পালুং গাঁৱৰ জনসাধাৰণ ৷ গালী পালুং অঞ্চলৰ বাবে কৰ’ণা মহামাৰীতকৈও অধিক ভয়ানক ডেপি নৈৰ বান গৰাখহনীয়া ৷ সেয়েহে, ৰাইজে কৰ’ণা মহামাৰীৰ সময়তে হাতে কামে দেপি নৈৰ বান গৰাখহনীয়া প্ৰতিৰোধ কৰাক প্ৰাধান্য দিলে ৷

উল্লেখযোগ্য যে, বাৰিষাৰ আগমনৰ লগে লগে বান আৰু গৰা খহনীয়াই প্ৰতি বছৰে অঞ্চলটোত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ৷ কিন্তু, এই বিষয়ত গুৰুত্ব নাই ৰাজ্য চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷ সেয়ে বাৰিষাৰ আগমনৰ লগে লগে আতংকিত জনসাধাৰণে দেপি নৈৰ বুকুত নিজৰ গাঠিৰ ধন ভাঙি শ্ৰমদান কৰি বাঁহেৰে পাৰ্ক’-পাইন কিম্বা গাইড বান্ধ সাজি অঞ্চলটোক সুৰক্ষা দিয়াৰ চেষ্টা চলালে ৷

ইফালে, প্ৰশ্ন উত্থাপন হৈছে, অৰুণাচলৰ পৰা বৈ অহা ডেপি নৈত এনেদৰে বাঁহেৰে নিৰ্মাণ কৰা পাৰ্ক’-পাইনত কিমান দূৰ সুৰক্ষিত গালী পালুং অঞ্চল ৷ সম্প্ৰতি অঞ্চলটোৰ খহনীয়াগ্ৰস্ত ৰাইজে অসম চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষক বিজ্ঞান সন্মত ভাৱে গাইড বান্ধ নিৰ্মাণ কৰি অঞ্চলটোক বান গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷
লগতে পঢ়ক:প্ৰায় দুমাহৰ পিচত মুকলি হ'ল বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.