ETV Bharat / state

Jonai poor condition road : জোনাইৰ এটি ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থা; নিৰ্বিকাৰ ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ

author img

By

Published : Jul 14, 2023, 12:15 PM IST

নতুনকৈ নিৰ্মাণ কৰি উলিওৱা জোনাইৰ এটি ব্যস্ত পথৰ জৰাজীৰ্ণ ৰূপ ৷ ব্যস্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাই আহুকালত পেলাইছে স্থানীয় ৰাইজক ৷ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

poor condition road at Jonai
জোনাইৰ এটি ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থা

জোনাইৰ এটি ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থা

জোনাই, 14 জুলাই : জোনাইৰ এটা ব্যস্ত পথৰ বিধস্ত ৰূপ ৷ পথ নে পথাৰ ধৰিব নোৱাৰা অৱস্থা ৷ উল্লেখ্য যে, কোনো ভিতৰুৱা গ্ৰাম্য অঞ্চল নহয়, বিভাগীয় হেমাহি আৰু গুৰুত্বহীনতাৰ বাবে জোনাই সদৰৰ মাজমজিয়াত অৱস্থিত এটি ব্যস্ত পথে গ্ৰহণ কৰিছে বিধস্ত ৰূপ ৷ জোনাই সদৰৰ পৰা বিভিন্ন অঞ্চলৰ প্ৰায় 30 খনৰো অধিক গাঁওক সংযোগ কৰিছে এই পথটোৱে ৷ তৎসত্বেও নাজল-নাথল অৱস্থা জোনাই বজাৰৰ পৰা জোনাই মহকুমা স্বাস্থ্য কেন্দ্ৰলৈ সংযোগী ব্যস্ত পথছোৱা ৷

উল্লেখ কৰা প্ৰয়োজন যে, জোনাই মহকুমাৰ মুৰব্বী মহকুমাধিপতিগৰাকীৰ আৱাসগৃহ এই পথটোতে অৱস্থিত হোৱাৰ বাবে বিধ্বস্ত পথটোৰ ওপৰেদি দৈনিক দুই-চাৰিবাৰকৈ অহা-যোৱা কৰে মহকুমাধিপতিগৰাকীয়ে ৷ তথাপিও আজি পৰ্যন্ত পথটো মেৰামতিৰ বাবে কোনো পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় লোকে উল্লেখ কৰে ৷ অকল মহকুমাধিপতিয়েই নহয়, মহকুমা স্বাস্থ্য বিষয়া, লোক নিৰ্মাণ বিভাগৰ আৰু গৃহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যবাহী অভিযন্তা-বিষয়া আদিয়ে দৈনিক এই বিধ্বস্ত পথেৰে চলাচল কৰে যদিও আজিলৈকে কোনোৱে ব্যস্ত পথচোৱা উন্নত কৰাৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি কয় ভুক্তভোগী লোকে ৷ উল্লেখ্য যে, বিধ্বস্ত পথটোৰে 30-40 খনৰো অধিক গাঁৱৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে ৰোগী, শিক্ষাৰ্থীয়ে অব্যাহত ৰাখিছে জোনাই সদৰৰ সৈতে যোগাযোগ ৷

ৰোগী, শিক্ষাৰ্থীৰ কথাতো বাদেই সাধাৰণ জনতাও বিধ্বস্ত পথছোৱাৰে যাতায়ত কৰাৰ ক্ষেত্ৰত ভুগিছে চৰম যাতনা ৷ জানিব পৰা মতে বিগত প্ৰায় 2 বছৰ পূৰ্বে গড়কাপ্তানী বিভাগৰ পকী পথ উন্নয়ণৰ দ্বাৰা পথচোৱা পুনৰ মেৰামতিৰ বাবে ৰূপায়ণ কৰা হৈছিল লাখ টকাৰ আঁচনি । কিন্তু এবছৰ নৌহওঁতেই পথচোৱা বিধ্বস্ত হৈ ৰূপান্তৰ হ'ল পথাৰ সদৃশ পৰিৱেশলৈ । সেয়ে অতি শীঘ্ৰে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক পথছোৱা পুনৰ নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক : SI Junmoni Rabha Death Case: নগাঁও আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক মাৰাথন জেৰা চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.