ETV Bharat / state

স্থানীয় লোকে ঘেৰাও কৰিলে চিমেন চাপৰি থানা

author img

By

Published : Aug 31, 2022, 6:10 PM IST

বিশেষভাৱে সক্ষম যুৱকক বিনা কাৰণ প্ৰহাৰ কৰাৰ অভিযোগত চিমেন চাপৰি থানা ঘেৰাও কৰিলে স্থানীয় লোকে (Protest at Jonai)। চিমেন চাপৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক উচিত শাস্তি প্ৰদানৰ দাবী ৰাইজৰ ।

Protest at Jonai
স্থানীয় লোকে ঘেৰাও কৰিলে চিমেন চাপৰি থানা

জোনাই, ৩১ আগষ্ট : জোনাইৰ চিমেন চাপৰিত উত্তপ্ত পৰিস্থিতি । নিৰ্দোষী বিশেষভাৱে যুৱকক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় লোকৰ (Public protest against police)। উত্তেজিত লোকে ঘেৰাও কৰিলে আৰক্ষী থানা ।

জানিব পৰা মতে জোনাইৰ চিমেন চাপৰি আৰক্ষী থানাৰ অৰ্ন্তগত দাস গাৱঁৰ বিশেষভাৱে সক্ষম গুনীন দাসক মঙলবাৰে বিয়লি ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰি লৈ যায় । তেওঁ সম্পৰ্কীয় এজন লোকৰ তথ্য বিচাৰি গুনীন দাসক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে আৰক্ষীয়ে । গুনীন দাসে সেই বিষয়ে একো নাজনো বুলি কোৱাত চিমেন চাপৰি থানাৰ আৰক্ষী বিষয়া অভিজিৎ ডেকাই বিশেষভাৱে সক্ষম যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ কৰে স্থানীয় লোকে (Police brutality in Jonai) ৷

পাছত আৰক্ষীয়ে যুৱকজনক ডেকাপাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা কৰাই কিছু ঔষধ ক্ৰয় কৰি দি ঘৰলৈ পঠাই দিয়ে ৷ অভিযোগ অনুসৰি আৰক্ষী বিষয়াজনে যুৱকজনক এই বিষয়ে কোনো লোকক একো নক'বলৈও ভাবুকি প্ৰদান কৰে ৷ সেয়েহে চিমেন চাপৰিৰ ৰাইজে দোষী আৰক্ষী বিষয়াজনক উচিত শাস্তি প্ৰদান কৰি বিশেষভাৱে সক্ষম যুৱকজনক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

আনহাতে আৰক্ষীৰ এনে বৰ্বৰতা দেখি আচৰিত হৈছে চিমেন চাপৰিৰ ৰাইজে । আৰক্ষীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ বুধবাৰে স্থানীয় একাংশ পুৰুষ-মহিলাই থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.