ETV Bharat / state

No Bridge in Silapothar: চৰকাৰে নাচায় চকু মেলি; গাঁঠিৰ ধনেৰে ৰাইজে সাজিলে বাঁহৰ দলং - Public made bridge in Silapothar

বিজেপি চৰকাৰৰ উন্নয়নৰ ডবল ইঞ্জিনে কাম কৰা নাই চিলাপথাৰৰ ডিমৌত । স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো অঞ্চলটোত নাই পকী পথ, নাই পকী দলং । বিধস্ত বাট-পথে যমৰ যাতনা ভোগাইছে গঞাক ।

Bridge constructed by Locals in Silapothar
ভৰবাৰিষা বাঁহৰ দলঙেৰে বিপদসংকূল যাত্ৰা
author img

By

Published : Jun 25, 2023, 5:43 PM IST

ভৰবাৰিষা বাঁহৰ দলঙেৰে বিপদসংকূল যাত্ৰা

জোনাই, ২৫ জুন: উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই আহিছে ৰাজ্যৰ বাট-পথে । কোনো স্থানত যদি পথৰ মাজত পুখুৰী সদৃশ খাল, আন কোনো স্থানত আকৌ নাই দলং । আনফালে, আকৌ চকু ফুৰালে দেখা যায় অৰ্ধনিৰ্মিত দলঙে জলা-কলা খুৱাইছে সাধাৰণ জনতাক । মুঠৰ ওপৰত কেউফালে পথে লগাইছে পয়মাল ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ মিৰিজান নদীৰ ওপৰৰ এখন দলং নোহোৱাত বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ । অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই নদীখনে দুভাগ কৰিছে শান্তিবৰগঁড়া আৰু আইথানক । পিছে এখন দলঙৰ অভাৱত পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰী, স্বাস্থ্যকেন্দ্ৰ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে নিতৌ অহা যোৱাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

অতি বিপদজনকভাৱে কন কন ছাত্ৰ-ছাত্ৰীয়ে এই নদীখনৰে পাৰাপাৰ কৰি শিক্ষাগ্ৰহণৰ বাবে যাবলগীয়া হয় ৷ বাৰিষাৰ কালত মাত্ৰ এক কিলোমিটাৰ পথৰ বিপৰীতে প্ৰায় ৫ পৰা ৬ কিলোমিটাৰ বাটকুৰি বাই নিতৌ যাতায়ত কৰিবলগীয়া হোৱাত দুখ প্ৰকাশ কৰে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে । এই সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত দীৰ্ঘদিন ধৰি এখন পকী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছিল ।

পিছে শান্তিবৰগড়া, বালি গাঁও, শান্তিপুৰ, আইথান, কাউৰী পথাৰ গাঁৱলৈ যাতায়ত কৰা পথত আজি পৰ্যন্ত নিৰ্মাণ কৰা নহ'ল এখন পকী দলং । বাৰিষাকালত নদীখনে ভয়ংকৰ ৰূপ লোৱাত বন্ধ হৈ পৰে যাতায়ত । অলেখ অনুনয় বিনয়ৰ পিচতো উক্ত সমস্যা সমাধানত সাংসদ, বিধায়ক, পঞ্চায়ত, এম এ চিৰ বিয়াগোম নেতা আদি কোনেও গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল ।

মুখ্যমন্ত্ৰীলৈ চিঠি লিখিও একো ফল নধৰিলে ৰাইজৰ । প্ৰতিটো বছৰে নিজা গাঁঠিৰ ধন ভাঙি ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰি চলায় আহিছে বিপদসংকুল যাতায়ত । উপায়বিহীন ৰাইজে এইবাৰো বাঁহ সংগ্ৰহ কৰি বাঁহৰ দলংখন মেৰামতি কৰি অব্যাহত ৰাখিছে যাতায়ত । নলাটোৰ ওপৰত শীঘ্ৰে পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰে । অন্যথা অনাগত সময়ত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: DGP ৰ এটা টুইটৰ পাচতেই যোৰহাট আৰক্ষীৰ মাজত হাহাকাৰ; কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.