জোনাই, ৪ মাৰ্চ: ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰুঃয়ি জ'নাই বাংকেৰ অন্তৰ্গত গিনে বালিজান সংযোগী পথৰ মৰা জোনাই নদীৰ ওপৰত ৰাইজে শ্ৰমদানেৰে সাজি উলিয়ালে এখন বাঁহৰ দলং (Public built bamboo bridge at Jonai) ৷ ৰাইজে জোনাইৰ বালিজান সংযোগী একমাত্ৰ পথটোৰ মৰা জোনাই নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধিৰ লগতে চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ হৈ ৰাইজে শ্ৰমদানেৰে সাজি উলিয়ালে এই দলংখন ।
আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনোধৰণৰ পকী পথ অথবা পকী দলঙৰ দৰে উন্নয়ণমূলক আঁচনিয়ে ঢুকি নোপোৱাত ৰুঃয়ি জোনাই বাংকে টি এম পি কে আৰু এম এম কেৰ উদ্যোগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ সদস্য তথা সতীৰ্থ কৰ্মীসকলৰ লগতে গঞা ৰাইজৰ সহযোগত এই বাঁহৰ দলংখন সাজি উলিয়াই । উল্লেখযোগ্য যে, ৫০ বছৰ গৰকা গাঁওখনক আজি পৰ্যন্ত ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে ।
বছৰ বছৰ ধৰি গাঁওবাসী ৰাইজে মৰা জোনাই নদীৰ ওপৰত এইদৰে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদ সংকুলভাৱে যাত্ৰা অব্যাহত ৰাখিছে (Dilapidated bamboo bridge over Mora Jonai river)। কিন্তু আজি পৰ্যন্ত চৰকাৰ কিম্বা স্থানীয় জনপ্ৰতিনিধিৰ চকুত নপৰিল গাঁওখনৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগি অহা চৰম দুৰ্ভোগ । মৰা জোনাই নদীৰ ওপৰত এখন পকী দলঙৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত হৈ নুঠিল এখন পকী দলং ।
ইপিনে, এই শ্ৰমদানত উপস্থিত থাকি মিচিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাঙে অতি পিছপৰা অঞ্চলবাসী ৰাইজৰ যাতায়তৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদ উন্নয়ণ আঁচনিৰ জৰিয়তে এখন পকী দলঙৰ ব্যৱস্থা কৰা হ'ব বুলি কয় (Mising Autonomous Council)। শ্ৰমদান কাৰ্যসূচীত জোনাই গাঁও পঞ্চায়তৰ কাউঞ্চিলাৰ কমলা শৰ্মা, গণশক্তিৰ জোনাই ব্লক কমিটীৰ সঞ্জয় দলে, এম এম কেৰ জোনাই জিলা সমিতিৰ সদস্য ভাগ্যধৰ টায়ে, টি এম পি কে ৰু:য়ি জোনাই আঞ্চলিক কমিটীৰ নমাজ পাচাৰ, জোনাই জিলা দৌৰবৃ কৌবাঙৰ সদস্য যোগেশ চাৰহ ৰুঃয়িৰ লগতে জোনাই আৰু বালিজানত গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে ৷