ETV Bharat / state

Protest against frequent power cuts: সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত জোনাইৰ বিদ্যুৎ কাৰ্যালয় ঘেৰাও আছুৰ - protest against frequent power cuts

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ ব্যতিক্ৰম নহয় জোনাইবাসীও ৷ তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি অনিয়মীয়া বিদ্যুৎ যোগানে জ্বলা-কলা দেখুৱাইছে জোনাইবাসীক ৷ বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰিবলৈ আছুৰ উত্তাল প্ৰতিবাদ (Irregular power supply at jonai) ৷

Irregular power supply at jonai
সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত জোনাইৰ বিদ্যুৎ কাৰ্যালয় ঘেৰাও আছুৰ
author img

By

Published : Jul 22, 2022, 6:23 PM IST

জোনাই, 22 জুলাই: ইফালে প্ৰচণ্ড গৰম, আনফালে বিদ্যুৎ বিভাগৰ ল'ৰা ধেমালি ৷ অনিয়মীয়া বিদ্যুৎ কৰ্তনে জ্বলা কলা দেখুৱাইছে জোনাইবাসীক ৷ ঘন্টাৰ পিছত ঘন্টা ধৰি সঘন বিদ্যুৎ কর্তনে ৰাইজক যমৰ যাতনা ভোগাইছে (Irregular power supply at jonai)৷ জোনাই মহকুমাৰ অন্তৰ্গত বিদ্যুৎ বিভাগৰ 132 33 KV Power Grid Sub Station নথকাৰ ফলত মহকুমাবাসীয়ে বছৰ বছৰ ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ আহিছে ৷ ইয়াৰ উপৰিও জোনাই উপ-সংমণ্ডল বিদ্যুৎ বিভাগৰ 33KV-11KV আৰু LT Line কাৰিকৰী দিশত চোৱা চিতাৰ ব্যৱস্থাৰ প্ৰতি বিষয়া কৰ্মচাৰীসকলে কৰি অহা চূড়ান্ত অৱহেলাৰ বাবে অঞ্চলবাসীয়ে নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ প্ৰতিদিনে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ৷

বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰায়ে বিদ্যুৎ বিভাগক অভিযোগ দাখিল কৰি আহিছে যদিও কোনো সুফল পোৱা নাই ৷ শুকুৰবাৰে সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগ আৰু গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ সহযোগত জোনাইস্থিত আছুৰ স্বহীদ বেদীৰ পৰা বৃহৎ সমদল উলিয়াই ৷ প্ৰতিবাদকাৰীসকলে জোনাই মহকুমাৰ বিদ্যুৎ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে (AASU protest against irregular power supply) ৷

সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত জোনাইৰ বিদ্যুৎ কাৰ্যালয় ঘেৰাও আছুৰ

উত্তাল প্ৰতিবাদকাৰীসকলে শক্তিমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, বিদ্যুতৰ লুকা-ভাকু বন্ধ কৰক, নিজাববীয়াকৈ বিল বনোৱা বন্ধ কৰক আদি ধ্বনিৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে অনতিপলমে অনিয়মীয়া বিদ্যুৎ যোগান বন্ধ কৰি ৰাইজক এই সমস্যাৰ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে ৷ অন্যথা আগন্তুক দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে আছুৰ প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে পাৱাৰ গ্ৰিড উপ কেন্দ্ৰ স্থাপন আৰু বিদ্যুতৰ যোগান চোৱা চিতা কৰাত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত নয়নমনি দত্তৰ জৰিয়তে শক্তি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মানস প্ৰতীম বৰা, সহকাৰী সাধাৰণ সম্পাদক লুহিত গজমেৰ, বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মন্টু সোণোৱাল, সম্পাদক দিৰেণ নৰহ, জোনাই গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি জৰিফ আলী, সম্পাদক মনজেৰ আলি, সাজিম আলি উপস্থিত থাকে ৷

লগতে পঢ়ক : Electric train movement: সম্পূৰ্ণ হোৱাৰ পথত গুৱাহাটী-লামডিং বৈদ্যুতিক ৰে’ল লাইনৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.