ধেমাজি, 3 ডিচেম্বৰ : দেশত প্ৰণয়ন কৰা কৃষি বিল বাতিল কৰা, কৃষি ভূমি পুঁজিপতিক গটাই দিয়াৰ চক্ৰান্ত বন্ধ কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি সদৰত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱনে হালৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি যুগল গগৈয়ে চৰকাৰৰ এনে কৃষক বিৰোধী নীতিক তীব্ৰ সমালোচনা কৰে ৷
লগতে পঢ়ক : সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ