ETV Bharat / state

গণতন্ত্ৰৰ কথা কোৱাৰ অধিকাৰ নাই কংগ্ৰেছৰ: ৰণোজ পেগু - প্ৰেম দত্ত

কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ শাসনাধিষ্ঠ বিজেপি দলৰ ধেমাজি জিলা সমিতিয়ে সোমবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷

Pressmeet of BJP against Congress Dhemaji assam etv bharat news
ধেমাজি বিজেপিৰ সংবাদমেল
author img

By

Published : Aug 4, 2020, 3:35 PM IST

ধেমাজি,4 আগষ্ট: কংগ্ৰেছে সোমবাৰৰ দিনটোত বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰৱ হৈ ৰাজ্যজুৰি প্ৰতাৰণা দিৱস পালন কৰাৰ পিছতে দলটোক উভটি ধৰিছে বিজেপিয়ে ৷ ইয়াৰ পিছতে ধেমাজি বিজেপিয়ে জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলটোক কঠোৰ সমালোচনা কৰে ৷ ইতিমধ্যে সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ সংবাদমেলখনৰ জৰিয়তে বিৰোধী দলটোক কংগ্ৰেছ শাসনৰ সময়ত চলা অৰাজকতা সম্পৰ্কে কঠোৰ সমালোচনা কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে ৷ বিধায়ক গৰাকীয়ে কংগ্ৰেছৰ গণতন্দ্ৰৰ সম্পৰ্কত কোনো কথা কোৱাৰ অধিকাৰ নাই বুলি মন্তব্য আগবঢ়ায় ৷

ধেমাজি বিজেপিৰ সংবাদমেল

পেগুৱে লগতে যে, কংগ্ৰেছ দলে গাদীৰ সুৰক্ষাৰ স্বাৰ্থত ২১ মাহে জৰুৰীকালীন অৱস্থাৰ প্ৰৱৰ্তন কৰি সকলো বিৰোধী নেতা, বুদ্ধিজীৱী আৰু সাংবাদিকক জেলত বন্দী কৰি ৰাখিব পাৰে ৷ তদুপৰি সংবিধানৰ 73 তম সংশোধনীৰে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে গ্ৰহণ কৰিলে প্ৰায় ৫০ বছৰ সময় ৷ তেনে দলে ৰাইজৰ কল্যাণৰ হকে কেতিয়াও কাম কৰিব নোৱাৰে ৷ উক্ত সংবাদমেলত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত ৷

লগতে চাওকঃ কৰ’ণা ভাইৰাছ-লক ডাউন-আনলকৰ মাজত স্তব্ধ জীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.