ধেমাজি, ২৩ অক্টোবৰঃ বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰি আজিও ঠিকাদাৰে নাপালে নিজৰ প্ৰাপ্য ধন ৷ বুধবাৰে ধেমাজি প্ৰেছ ক্লাবত অয়োজিত এক সংবাদমেলত এই মন্তব্য ঠিকাদাৰ সকলৰ ৷ ৰেল বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই ধনৰাশি ৷ উক্ত সংবাদমেলত ঠিকাদাৰ সকলৰ অভিযোগ মতে অত্যন্ত কষ্টেৰে জিলাখনৰ প্ৰায় ২৫ গৰাকী নিবনুৱা ঠিকাদাৰে প্ৰধানমন্ত্ৰীৰ আগমণ তথা প্ৰায় লক্ষাধিক মানুহৰ সমাগম হ'ব পৰা বগীবিল দলঙৰ বিশাল মুকলি অনুষ্ঠানৰ বাবে কাম কৰি সৰ্বমুঠ অনাদায়ৰ ধনৰাশি আছিল 274.96 লাখ টকা ৷ কিন্তু ইয়াৰে 29.28 লাখ টকা এটা ঠিকাদাৰ দলক আশ্চৰ্যজনকভাৱে আদায় দি দায়িত্ব সামৰে ৰে'ল কৰ্তৃপক্ষই ৷ বগীবিল দলং মুকলি হৈ যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'বলৈ মাজত এটা মাহ বাকী থকাৰ অৱস্থাত সংশ্লিষ্ট বিভাগে প্ৰাপ্য ধন মোকোলাই নিদিলে আন্দোলনৰ পথ লবলৈ কুণ্ঠাবোধ নকৰিব বুলি মন্তব্য কৰে ঠিকাদাৰসকলে ৷ উল্লেখ্য যে যোৱা বছৰ ২৫ ডিচেম্বৰতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল বহু প্ৰত্যাশিত বগীবিল দলঙখন ৷
প্ৰাপ্য ধন বিচাৰি বগীবিল দলঙৰ ঠিকাদাৰৰ সংবাদমেল - ঠিকাদাৰ
বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰি আজিও ঠিকাদাৰে নাপালে নিজৰ প্ৰাপ্য ধন ৷ বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত অয়োজিত এক সংবাদমেলত এই মন্তব্য ঠিকাদাৰ সকলৰ ৷
ধেমাজি, ২৩ অক্টোবৰঃ বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰি আজিও ঠিকাদাৰে নাপালে নিজৰ প্ৰাপ্য ধন ৷ বুধবাৰে ধেমাজি প্ৰেছ ক্লাবত অয়োজিত এক সংবাদমেলত এই মন্তব্য ঠিকাদাৰ সকলৰ ৷ ৰেল বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই ধনৰাশি ৷ উক্ত সংবাদমেলত ঠিকাদাৰ সকলৰ অভিযোগ মতে অত্যন্ত কষ্টেৰে জিলাখনৰ প্ৰায় ২৫ গৰাকী নিবনুৱা ঠিকাদাৰে প্ৰধানমন্ত্ৰীৰ আগমণ তথা প্ৰায় লক্ষাধিক মানুহৰ সমাগম হ'ব পৰা বগীবিল দলঙৰ বিশাল মুকলি অনুষ্ঠানৰ বাবে কাম কৰি সৰ্বমুঠ অনাদায়ৰ ধনৰাশি আছিল 274.96 লাখ টকা ৷ কিন্তু ইয়াৰে 29.28 লাখ টকা এটা ঠিকাদাৰ দলক আশ্চৰ্যজনকভাৱে আদায় দি দায়িত্ব সামৰে ৰে'ল কৰ্তৃপক্ষই ৷ বগীবিল দলং মুকলি হৈ যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'বলৈ মাজত এটা মাহ বাকী থকাৰ অৱস্থাত সংশ্লিষ্ট বিভাগে প্ৰাপ্য ধন মোকোলাই নিদিলে আন্দোলনৰ পথ লবলৈ কুণ্ঠাবোধ নকৰিব বুলি মন্তব্য কৰে ঠিকাদাৰসকলে ৷ উল্লেখ্য যে যোৱা বছৰ ২৫ ডিচেম্বৰতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল বহু প্ৰত্যাশিত বগীবিল দলঙখন ৷
ধেমাজি , ২৩ অক্টোবৰ। : বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰি আজিও ঠিকাদাৰে নাপালে নিজৰ প্ৰাপ্য ধন ৷ ৰেল বিভাগৰ উদ্ধতম কতৃ’পক্ষক বাৰাম্বাৰ জনাই অহাৰ পিছতো আজিকোপতি মুকলি কৰি দিয়া নাই ধনৰাশি ৷ অৱশেষত বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰি সংশ্লিষ্ট বিভাগৰ অৱহেলাৰ বিষয়ে সদৰি কৰিলে ঠিকাদাৰ সকলে ৷ অভিযোগ মতে অত্যন্ত কষ্টেৰে জিলাখনৰ ২০/২৫ গৰাকী নিবনুৱা ঠিকাদাৰে প্ৰধানমন্ত্ৰী আগমন তথা প্ৰায় ৩/৪ লক্ষাধিক মানুহৰ সমাগম হব পৰা বগীবিল দলঙৰ বিশাল শুভ মুকলি অনুষ্ঠানৰ বাবে কাম কৰি এতিয়া সব’মুঠ অনাদায় হৈ আছে 274.96 লাখ ৷ অৱশ্যে ইয়াৰে 29.28 লাখ এটা ঠিকাদাৰ দলক আশ্চৰ্যজনকভাৱে আদায় দি দায়িত্ব সামৰে ৰেল কতৃ’পক্ষই ৷
উল্লেখ্য যে যোৱা বছৰ ২৫ ডিচেম্বৰতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি থৈ যায় বহু প্ৰত্যাশিত বগীবিল দলং ৷ পিছে প্ৰধানমন্ত্ৰীৰ আগমন তথা দলঙৰ মুকলি অনুষ্ঠানৰ বাবে অতি কম সময়ৰ ভিতৰতে
গাথিৰ ধন ভাঙি প্ৰত্যেকজন ঠিকাদাৰে ক্ষীপ্ৰতাৰে বিভিন্ন কাম কৰি সুচল কৰি দিছিল সভাথলী ৷ কেৱল ধেমাজি জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ আশ্বাসত আশ্বস্ত হৈয়ে কাম কৰা ঠিকাদাৰসকলে সংশ্লিষ্ট বিভাগক অৱগত কৰিও আজিকোপতি সুফল পোৱা নাই ৷
ইপিনে বগীবিল দলং মুকলি হৈ যোৱাৰ এতিয়া এটা বছৰ সম্পূৰ্ণ হবলৈ মাজত এটা মাহ বাকী থকাৰ অৱস্থাত সংশ্লিষ্ট বিভাগে প্ৰাপ্য ধন মোকোলাই নিদিলে আন্দোলন পথ লবলৈ কুণ্ঠাবোধ নকৰিব বুলি মন্তব্য কৰে ঠিকাদাৰসকলে ৷
Pradunya Bharali , Dhemaji , Assam . 23/10/2019Conclusion: