জোনাই, ৬ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰিৰ চেৰেন পথাৰত ৩০০ বিঘা ভূমিজোৰা পৰমানন্দ আতা ক্ষেত্ৰত অহা ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন ৷ এই অধিবেশনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে (92 nd Session of Srimanta Sankardeva Sangha in Dhemaji) ৷ প্ৰতিদিনে শ শ ভকত বৈষ্ণৱ তথা ৰাইজে কেইবাটাও প্ৰতিনিধি শিবিৰ, ভোজনালয়, মঞ্চ আদিৰ নিৰ্মাণ অব্যাহত ৰাখিছে । দৈনিক অগণন বৈষ্ণৱ ভকতে উপস্থিত হৈ অধিবেশনস্থলীত মুখে মুখে হৰিনাম লৈ এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে । ইতিমধ্যে অধিৱেশনস্থলীৰ কাম ৮৫ শতাংশ সম্পূৰ্ণ হোৱা বুলি সদৰি কৰিছে উদ্যোক্তা সমিতিয়ে ৷
অধিৱেশনৰ প্ৰথমদিনা পুৱা ৫ বজাত জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ পিচতে প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ আৰু গছপুলি ৰোপণ কৰা হ'ব । পুৱা ৯ বজাত মূল তোৰণ উন্মোচন কৰিব ধেমাজি জিলাৰ উপায়ুক্তই । ইয়াৰ পিচতে পুৱা ৯-১০ বজাত নামঘৰৰ তোৰণ উন্মোচন,মূল মঞ্চৰ সন্মুখত দ্বিতীয় তোৰণ,আদৰণি সমিতিৰ কাৰ্যালয়ৰ তোৰণ, মূল কাৰ্যালয়ৰ তোৰণ, জিলা কাৰ্যালয়ৰ দ্বাৰ, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ তোৰণ, বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ ,প্ৰতিনিধি সভাকক্ষৰ তোৰণ উন্মোচন কৰা হ'ব । তদুপৰি কৰ্মী শিবিৰৰ দ্বাৰ উন্মোচন কৰা হ'ব । পুৱা ১১-১৫ বজাত মূল কাৰ্যনিৰ্বাহক সভাৰ পাছতে ভোজনালয়ৰ তোৰণ উন্মোচন,পতাকা বেদীৰ তোৰণ উন্মোচন, দুপৰীয়া ১২ বজাত মূল মঞ্চ আৰু মূল মণ্ডপ উন্মোচন কৰা হ'ব ।
ইপিনে, প্ৰতিনিধি শিবিৰৰ তোৰণ,সেৱা বাহিনী শিবিৰৰ তোৰণ,চিকিৎসা সেৱা শিবিৰ,আৰক্ষী ছাউনী মুকলি, দিনৰ ১-১৫ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত স্মৃতিগ্ৰন্থ "সুধাসিন্ধু"ৰ লগতে অন্যান্য গ্ৰন্থৰ উন্মোচনী সভা অনুষ্ঠিত হ'ব । দিনৰ ১-৩০ বজাত অগ্নিনিৰ্বাপক সেৱাৰ কাৰ্যালয় মুকলি, দিনৰ ১-৪৫ বজাত প্ৰচাৰ শাখা সমিতিৰ সভাৰ পাচতে উপ সমিতি সমূহৰ কাৰ্যালয়, অনুসন্ধান কক্ষ মুকলি কৰা হ'ব ।
শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰটিভ ছ'চাইটিৰ সভাৰ লগতে দিনৰ ৩ বজাত জিলা শাখা সমিতিৰ সভা, বিয়লি ৪ বজাত কেন্দ্ৰীয় শিশু আৰু আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা, বিয়লি ৪-৩০ বজাত নাটঘৰ উন্মোচন,সন্ধিয়া সমূহীয়া প্ৰাৰ্থনা,নাম প্ৰসংগৰ পিছত অংকীয়া নাট ৰাম-বিজয়, ৰুক্মিণী হৰণ প্ৰদৰ্শন কৰা হ'ব । সন্ধ্যা ৬ বজাত অনুষ্ঠিত সাংস্কৃতিক সমাৰোহৰ উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । নিশা ৭ বজাত কেন্দ্ৰীয় সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ'ব ।
অহা ১১ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগৰ পাছত পুৱা ৮ বজাত শৰণ সমিতিৰ বৈঠক, পুৱা ৯-৩০ বজাত জিলা শাখাৰ সভাপতি/সম্পাদক সন্মিলন, পুৱা ১০-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন অনুষ্ঠিত হ'ব । এই অনুষ্ঠানটো উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী (Governor Prof Jagadish Mukhi)।
আনহাতে, বিশেষ সন্মানিত অতিথিতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal), সন্মানীয় অতিথি হিচাপে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন, দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ ৰত্নোত্তমা দাস বিক্ৰম উপস্থিত থাকিব ।
এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়াই অংশগ্ৰহণ কৰিব । দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ড৹ সুৰেশ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিতব্য় সংস্কৃতি শাখা সমিতিৰ অধিৱেশনখন উদ্বোধন কৰিব জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে । এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মন্ত্ৰী বিমল বড়া, সন্মানীয় অতিথি হিচাপে বিধায়ক নৱ কুমাৰ দলে, অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্য হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, বিশিষ্ট অতিথি হিচাপে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকিব । নিৰ্দিষ্ট বক্তা হিচাপে শংকৰী সংস্কৃতিৰ বিশিষ্ট সাধক অজিত বৰাই অংশগ্ৰহণ কৰিব ।
সন্ধ্যা ৫ বজাত সমূহীয়া প্ৰাৰ্থনা,নাম প্ৰসংগৰ পাচত ৬ বজাত অনুষ্ঠিতব্য় সাংস্কৃতিক সমাৰোহৰ উদ্বোধন কৰিব ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কণ্ঠশিল্পী তৰালি শৰ্মাই । এই অনুষ্ঠানটোত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব অভিনেতা যতীন বৰাই । সন্ধ্যা ৬-৩০ বজাত অংকীয়া নাট পাৰিজাত হৰণ, ৰাম-বিজয় প্ৰদৰ্শন কৰা হ'ব । সন্ধ্যা ৬-৩০ বজাত অনুষ্ঠিতব্য় প্ৰতিনিধি সভাত আদৰণী ভাষণ আগবঢ়াব বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূবন পেগুৱে ।
অন্তিম দিনা ১২ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই । পুৱা ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব । পুৱা ১১-৩০ বজাত ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিতব্য় মুকলি সভাখন উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বীৰেণ বৰাই । মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী, উদ্যোগ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণ, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক অমিয় ভূঞা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকিব ।
মুকলি সভাত বিশিষ্ট গৱেষক ড৹ দ্বীজেন্দ্ৰ নাথ ভকত উপস্থিত থাকিব । মুকলি সভাত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুছেইন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্মগোঁহাই বৰুৱা, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰমানন্দ চায়েংগীয়া, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মিহিনিশ্বৰ বসুমতাৰী, চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰা, সদৌ অসম নাথযোগী সন্মিলনৰ সভাপতি দীনেশ কাকতি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা, অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈ উপস্থিত থাকিব ।
তদুপৰি মুকলি সভাখনত সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা, সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি লিতুল বুঢ়াগোহাঁই, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানন্দ চেলেং, সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষীতিশ বৰ্মন, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়ো, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি দেৱকুমাৰ দাস, সদৌ অসম দেউৰী ছাত্র সন্থাৰ সভাপতি নীৰেণ দেউৰী, সদৌ অসম তিৱা ছাত্র সন্থাৰ মুখ্য উপদেষ্টা চেনীৰাম মালাং, সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস, সদৌ অসম সূত্ৰধৰ ছাত্র সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ, আবৌফৰ সভানেত্ৰী দিপালী নাৰ্জাৰী, সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ কুমাৰ গুপ্তা, সদৌ অসম গৰীয়া মৰীয়া জাতীয় পৰিষদৰ উপ সভাপতি আজিজুল ৰহমান প্ৰমুখ্যে কেবাগৰাকী সমাজকৰ্মী উপস্থিত থাকিব ।
ইপিনে, সন্ধ্যা ৫-৩০ বজাত নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সভা, সন্ধ্যা ৬ বজাত সমূহীয়া প্ৰাৰ্থনা, সন্ধ্যা ৬-৩০ বজাত নাম প্ৰসংগ আৰু সন্ধ্যা ৭ বজাত বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ, নিশা ৭-৩০ অংকীয়া নাট নৃসিংহ যাত্ৰা প্ৰদৰ্শন কৰা হ'ব । এই অনুষ্ঠানটো উন্মোচন কৰিব অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে ।
লগতে পঢ়ক:Police Suicide Case: গেৰুকামুখত চিপ লোৱা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ