জোনাই, 5 এপ্ৰিল: বিগত বৰ্ষত কৰ'ণা মহামাৰীয়ে ৰঙালী বিহুৰ আনন্দ কিছু পৰিমাণে ম্লান কৰিছিল যদিও এইবাৰ পুনৰ মৰমৰ বিহুটিক লৈ ৰাজ্যবাসীৰ মাজত পাৰভঙা উছাহ দেখা গৈছে । বিধানসভা নিৰ্বাচনে বৰ্তমান ৰাজ্যত পৃথক পৰিৱেশৰ সূচনা কৰিছে । তথাপিও ৰাজনৈতিক মতাদৰ্শক একাষৰীয়া কৰি ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে অসমবাসী ।
দেওবাৰে জোনাইত আছুৰ শ্বহীদ বেদীৰ প্ৰাংগনত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । আছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মানসপ্ৰতিম বৰাই সভাপতিত্বত কৰা সভাত বৃহত্তৰ জোনাই বিহু সন্মিলনৰ উদযাপনৰ বাবে এখন সমিতি গঠন কৰা হয় ।
জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৩০ এপ্ৰিল আৰু ১ মে’ত দুদিনীয়া কাৰ্যসূচীৰে ২০ সংখ্যক বৃহত্তৰ জোনাই বিহু সন্মিলন উদযাপন কৰা হ'ব । আছুৰ জোনাই আঞ্চলিক সমিতিৰ সম্পাদক ঋষিৰাজ পেগুৱে উদ্দেশ্যে বাখ্যা কৰা সভাখনত বিহুৰ কাৰ্যসূচী সন্দৰ্ভত মন্তব্য আগবঢ়ায় প্ৰাক্তন আছুৰ কৰ্মী ভাগ্যৱান দলে, বিজয় দেউৰী, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰতাপ পাৱ, শিক্ষক প্ৰদীপ গগৈ , মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা সুকলতা ফুকন গগৈ, গৌতম পেগু লগতে অঞ্চলটোৰ কেইবাজনো যুৱকে ।
সৰ্বসন্মতি মৰ্মে এই সভাতে ২০ সংখ্যক জোনাই বৃহত্তৰ বিহু সন্মিলন উদযাপন সমিতি গঠন কৰা হয় । মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা সুখলতা ফুকন গগৈক সভাপতি, কৈলাশ মিৰিক সম্পাদক হিচাপে লৈ ৰাজু ৰয়, যুগেশ চাৰহক সাংস্কৃতিক বিভাগত দায়িত্ব অৰ্পণ কৰা হয় ।
লগতে পঢ়ক : তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন