ধেমাজি,19 ফেব্ৰুৱাৰীঃ কংগ্ৰেছ দলৰ ‘অসম বচাও’ শীৰ্ষক অভিযানৰ অংশ হিচাপে শুকুবাৰে ধেমাজি আৰু চিলাপথাৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ ধেমাজি নগৰৰ লিলি চিনেমা হ’লৰ সন্মুখত সন্ধিয়া অনুষ্ঠিত হোৱা এখন সভাত বিজেপি দলক সমালোচনা কৰিবলৈ গৈ সদ্য গেৰুৱা বসন পিন্ধা জোনাইৰ বিধায়ক ভূৱন পেগু আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
সভাত সাংসদগৰাকীয়ে কয় যে, মিচিং জনগোষ্ঠীৰ মানুহৰ আশীৰ্বাদ তথা সহায়-সহযোগিতাত গণশক্তি দলৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক প্ৰতিষ্ঠা লাভ কৰিছিল ৷ কিন্ত এতিয়া পুনৰ লোভৰ বশৱৰ্তী হৈ বিজেপি দলত যোগদান কৰি মিচিং জনগোষ্ঠীটোকে বিশ্বাসঘাটকতা কৰিলে দুয়োগৰাকী নেতাই ৷
লগতে পঢ়কঃ সমষ্টিবাসীৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ