ETV Bharat / state

Dilapidated Road at Dhemaji: জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ভৈৰৱপুৰবাসীক - Poor Road condition in Dhemaji

জোনাই বিধানসভা সমষ্টিৰ মুক্তিয়াৰ গাঁও পঞ্চায়তত পুখুৰী সদৃশ গাত (Dilapidated Road in Jonai)। দীৰ্ঘদিন ধৰি বিধ্বস্ত পথেৰেই ৰাইজৰ যাতায়ত অব্য়াহত । সেয়েহে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ ।

Dilapidated Road in Silapathar
মুক্তিয়াৰ গাঁও পঞ্চায়তত পুখুৰী সদৃশ গাত
author img

By

Published : Feb 25, 2023, 1:38 PM IST

জোনাই ,২৫ ফেব্ৰুৱাৰী: ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ধেমাজি জিলাৰ বৃহত্তৰ ভৈৰৱপুৰ অঞ্চলৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Dhemaji) ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই ।

উল্লেখ্য় যে ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ বৃহত্তৰ ভৈৰৱপুৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও শোচনীয় হৈ আছে (Dilapidated Road in Silapathar)। চিলাপথাৰ নগৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগৰ ভৈৰৱপুৰ অঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ জৰাজীৰ্ণ হোৱাৰ বাবে ভৈৰৱপুৰবাসী ৰাইজে যাতায়তত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিব লগীয়া হৈ আহিছে । এই অঞ্চলটোৰ ভৈৰৱপুৰ বজাৰৰ পৰা দক্ষিণ ভৈৰৱপুৰ সংযোগী পথছোৱা এজাক বৰষুণতে বোকাময় হৈ পৰে । পথছোৱাৰ মাজে মাজে পুখুৰী সদৃশ প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ছাত্র-ছাত্ৰী, ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত অবৰ্ণনীয় সমস্যাই দেখা দিছে ।

আনহাতে, ১ নং চিতলীবাৰী মন্দিৰৰ পৰা দক্ষিণ ভৈৰৱপুৰৰ লালবাহাদুৰ মধ্য ইংৰাজী বিদ্যালয় সংযোগী পথছোৱাৰ অৱস্থাও অতি জৰাজীৰ্ণ । এই পথছোৱাৰ পকীকৰণ নোহোৱাৰ ফলত যাতায়তত যমৰ যাতনা ভূগিব লগীয়া হৈছে গঞা ৰাইজে । তদুপৰি চিলাসূঁতি গাঁও পঞ্চায়তৰ ১১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসূঁতি গাঁৱৰ কমল সোণোৱালৰ বাসগৃহৰ পৰা চিলাবালিগাঁও হৈ ভৈৰৱপুৰ সংযোগী পথছোৱা আজিও পকীকৰণ নহ'ল । ফলত চিলাসূঁতি আৰু মুক্তিয়াৰ গাঁও পঞ্চায়তৰ ডেৰকুৰিখনৰো অধিক জনবসতিপূৰ্ণ গাঁৱৰ ছাত্র-ছাত্ৰী, ব্যৱসায়ী আৰু ৰাইজে দশক দশক ধৰি কষ্টকৰ যাতায়ত কৰি আহিছে । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে জোনাই বিধানসভা সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে ভৈৰৱপুৰ, চিলাবালিগাঁও অঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ কেইটা পকীকৰণ কৰাৰ কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই ।

এই বিধ্বস্ত পথটোৰ বাবে ১০৮ এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সেৱাৰ পৰাও ৰাইজ বঞ্চিত হৈ আহিছে । স্বাধীনতাৰ ৭৫ বছৰ পিছতো পৰিবৰ্তন নহ'ল এই পথটোৰ অৱস্থাৰ । ইপিনে, চৰকাৰে এই পথটো নিৰ্মাণৰ বাবে ব্য়ৱস্থা গ্ৰহণ নকৰিলে অহা লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰতুত্তৰ দিব বুলি ক্ষুব্ধ ৰাইজে সঁকীয়াই দিছে ।

লগতে পঢ়ক:NEP 2020 implementation in cotton university: কটন বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.