ধেমাজি, 27 জানুৱাৰীঃ ধেমাজি বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ বিষ্ণুপুৰ পাঁচ আলিৰ বামুনী নাথ গাঁৱত শক্তি বিভাগৰ মৰণ ফান্দ ৷ 120 গৰাকী উপভোক্তাৰ গাঁৱখনত নাই বিদ্যুৎ পৰিবাহী তাঁৰৰ দূৰত্বৰ অনুপাতে বিদ্যুতৰ খুটা ৷ ফলত বিপদজ্জনক ভাৱে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ওলমি আছে অঞ্চলটোত ৷ সেয়ে ভয়াৱহ বিপদৰ আশংকা কৰি স্থানীয় ৰাইজে এতিয়া পথৰ দাঁতিতে বাঁহৰ খুটা পুতি ধৰি ৰাখিছে উচ্চসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ৷
কেৱল ইমানেই নহয় পথৰ দাঁতিত থকা গছ-গছনিৰ ডাল পাতত উন্মুক্ত তাৰ স্পৰ্শ কৰি থকা বাবেও অঞ্চলটোলৈ কঢ়িয়াই আনিছে আন এক বিপদ ৷
এই বিষয়ে সংশ্লিষ্ট বিভাগটোক বাৰাম্বাৰ অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷ বিল পৰিশোধ কৰোতে এদিন পলম হ’লেই বিদ্যুৎ সংযোগ বিচিন্ন কৰিবলৈ কুণ্ঠাবোধ নকৰা বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ কিন্তু আহৰি নাই ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল’বলৈ ৷