ETV Bharat / state

লক্ ডাউনত অনাহাৰে দিন কটাইছে বেতন বঞ্চিত শিক্ষয়িত্ৰীৰ পৰিয়ালে - poor economic condition of vencer school teacher in assam

আৰ্থিক সংকটৰ বাবেই উচ্চশিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হ’ল শিক্ষয়িত্ৰী গৰাকীৰ সন্তান ৷ প্ৰাপ্য বেতন মোকলাই দি নিজ পৰিয়ালক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ ধেমাজিৰ অঞ্জু দেৱীৰ ৷

teacher anju devi has been deprived from salary since 2017
বেতন বঞ্চিত এগৰাকী শিক্ষয়িত্ৰীৰ চৰকাৰলৈ কাতৰ প্ৰাৰ্থনা
author img

By

Published : Jul 20, 2020, 12:10 PM IST

ধেমাজি , 20 জুলাইঃ আন বহু শ্ৰমিকৰ পৰিয়ালৰ দৰেই লকডাউনৰ সময়ছোৱাত অভাবনীয় সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকৰ পৰিয়ালসমূহ ৷ উপাৰ্জনৰ পথ হেৰুৱাই অৰ্ধহাৰে আৰু অনাহাৰে দিন কটাবলৈও বাধ্য হৈছে বহু শিক্ষকৰ পৰিয়ালে ৷ অনুৰূপভাৱে বেতনৰ পৰা বঞ্চিত হৈ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ধেমাজি গুৱাল গাৱঁৰ নিবাসী অঞ্জু দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকী ৷

ন্যায়ালয় , শিক্ষামন্ত্ৰীৰ কাষ চাপিও সুফল নাপালে শিক্ষয়িত্ৰী অঞ্জু দেৱীয়ে

বিৱৰণী মতে, ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ বৰদলনি গৰিয়াজান কলিতা চুক প্ৰাথমিক বিদ্যালয়ত 1989 চনতে সহকাৰী শিক্ষয়িত্ৰী হিচাবে যোগদান কৰি বেতন লাভ কৰি আহিছিল অঞ্জু দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ৷ কিন্তু পৰিতাপৰ বিষয় যে , 2007 চনত হঠাতে বেতন বন্ধ হৈ পৰাত মূৰত সৰগ ভাগি পৰে শিক্ষয়িত্ৰী গৰাকীৰ ৷ লক্ ডাউনৰ সময়ছোৱাত অৰ্ধাহাৰে, অনাহাৰে সময় কটাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে পৰিয়ালটোৰ ক্ষেত্ৰত ৷ উল্লেখ্য যে, কেৱল আৰ্থিক সংকটৰ বাবেই শিক্ষয়িত্ৰী গৰাকীয়ে উচ্চ শিক্ষাৰ সুবিধা দিব নোৱাৰিলে নিজ সন্তানক ৷ ন্যাৰ্যতা বিচাৰি ন্যায়ালয়ৰ কাষ চাপিও কোনো সুফল নোপোৱা পৰিয়ালটোৱে আজি নীৰৱে চকুলে টুকিবলৈ বাধ্য হৈছে ৷ প্ৰাপ্য বেতন মোকলাই দিবলৈ শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি শিক্ষয়িত্ৰী গৰাকীয়ে আৱেদন জনাইছিল যদিও কোনো সুফল নাপালে অঞ্জু দেৱীয়ে ৷

লগতে পঢ়কঃ নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.