ETV Bharat / state

জোনাইৰ Sub-Divisional Agricuture Departmentৰ শোচনীয় অৱস্থা - জোনাই

জোনাই মহকুমা কৃষি বিভাগ(Sub-Divisional Agricuture Department Jonai)ৰ দুৰাৱস্থা ৷ এটি জৰাৰ্জীণ গৃহত চলিছে বিভাগটোৰ কাম-কাজ ৷ কানসাৰ নাই কৃষি বিভাগ(Agriculture Department)ৰ ৷

poor condition of sub divisional agricuture department at jonai
জোনাইৰ Sub-Divisional Agricuture Departmentৰ শোচনীয় অৱস্থা
author img

By

Published : Nov 14, 2021, 12:03 PM IST

জোনাই, 14 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ এটা বিয়াগোম চৰকাৰী বিভাগ ৷ বিয়াগোম বুলি কোৱাৰ প্ৰমাণ ৰাজ্যৰ কৃষক ৰাইজে প্ৰায়ভাগেই পাই আহিছে ৷ হয় আমি ক’ব বিচাৰিছো মন্ত্ৰী অতুল বৰা(Atul Bora)ৰ কৃষি বিভাগ(Agriculture Department)ৰ কথা ৷

জোনাইৰ Sub-Divisional Agricuture Departmentৰ শোচনীয় অৱস্থা

জৰাজীৰ্ণ তথা গুদাম ঘৰত চলি আছে ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগটোৰ এটা শাখা ৷ জোনাই মহকুমা কৃষি বিভাগ(Sub-Divisional Agricuture Department Jonai)টোৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ যেন শ্মশান যাত্ৰাহে চলিছে এই বিভাগটোত ৷

poor condition of sub divisional agricuture department at jonai
জোনাইৰ Sub-Divisional Agricuture Departmentৰ শোচনীয় অৱস্থা

বানে গৰকা 80 শতাংশ কৃষিজীৱি লোকে বসবাস কৰা জোনাই মহকুমাত যি ধৰণে এটা পূৰ্ণাংগ কাৰ্যালয় থাকিব লাগিছিল, তাৰ সলনি এটি জৰাৰ্জীণ ঘৰত চলি আছে জোনাই মহকুমা কৃষি বিভাগটো ৷ এই জৰাৰ্জীণ ঘৰতে এটা ফালে কামত ব্যস্ত থাকে কৃষি বিভাগৰ কৰ্মচাৰী আৰু আনটো চুকত আছে চৰকাৰে আৱণ্টন দিয়া বস্তাই বস্তাই নানা কৃষিজাত সামগ্ৰী ৷

কৃষকৰ বাবে চৰকাৰে যোগান ধৰা নানা বীজ, ঔষধ, সাৰৰ লগতে নান সামগ্ৰীসমূহ থ’বলৈ কোনো গুদাম গৃহ নথকাত জোনাই মহকুমা কৃষি বিভাগে কাৰ্যালয়ৰ ভিতৰতে এনেদৰে জমা কৰি থ’বলগীয়া হৈছে সামগ্ৰীসমূহ ৷

আনহাতে, জোনাই মহকুমা কৃষি বিভাগৰ কাৰ্যালয়টো জহি-খহি যোৱাৰ বাবে বিগত কেইবা বছৰ ধৰি এটা কৃষি প্ৰশিক্ষণ কেন্দ্ৰকে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আহিছে বিভাগটোৱে ৷ কিন্তু আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই কৃষি বিভাগ কিম্বা কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

লগতে পঢ়ক : পাঁচ বছৰেও কাৰ্যক্ষম নহ'ল GMC ৰ জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.