ETV Bharat / state

Poor condition of Anganwadi centre : অংগনৱাড়ী কেন্দ্ৰৰ দুৰৱস্থা, গছৰ তলত চলিছে পাঠদান

author img

By

Published : Nov 12, 2022, 12:27 PM IST

জোনাইৰ অংগনৱাড়ী কেন্দ্ৰৰ দুৰৱস্থা (Pathetic condition of anganwadi centre in Jonai)। গছৰ তলত, বাঁহৰ তলতে চলিছে কেন্দ্ৰবোৰ । স্থায়ী গৃহৰ অভাৱত গোহালিৰ পৰাই চলিছে অংগনবাড়ী কেন্দ্ৰ । শিক্ষা বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ ।

Anganwadi
অংগনবাড়ী কেন্দ্ৰৰ দুৰৱস্থা

জোনাই, ১২ নৱেম্বৰ : শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিছে । ৰাইজৰ বাঃ বাঃ ল'বলৈ বিধায়ক, মন্ত্ৰীয়ে শুভাৰম্ভ কৰিছে অংগনৱাড়ী কেন্দ্ৰবোৰ । কিন্তু পূৰ্বৰ অংগনৱাড়ী কেন্দ্ৰবোৰ কি অৱস্থাত আছে সেইবোৰৰ খবৰ ল'বলৈ সময় নাই জনপ্ৰতিনিধিসকলৰ । অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদৰ প্ৰতিও গুৰুত্ব নাই চৰকাৰৰ । শিশুৰ শৈক্ষিক, মানসিক, বৈধিক আদি বিকাশৰ উদ্দেশ্যে চৰকাৰে এই অংগনৱাড়ী কেন্দ্ৰবোৰ স্থাপন কৰিছিল যদিও সঁচা অৰ্থত এই অংগনৱাড়ী কেন্দ্ৰ ভেকোঁভাওনাত পৰিণত হৈছে ।

অংগনবাড়ী কেন্দ্ৰৰ দুৰৱস্থা

ৰাজ্যৰ একাংশ অংগনৱাড়ী কেন্দ্ৰৰ দৃশ্য দেখিলে আপুনিও সেই কথা স্বীকাৰ কৰিব (Pathetic condition of anganwadi centre in Jonai)। বিশেষকৈ ধেমাজি জিলাৰ একাংশ অংগনৱাড়ী কেন্দ্ৰৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব । একাংশ অংগনৱাড়ী কেন্দ্ৰৰ এটা স্থায়ী ঘৰ নাই । মুকলি আকাশৰ তলতে অংগনৱাড়ী কৰ্মচাৰীয়ে শিশুসকলক শিক্ষাদান কৰিছে ।

কোনো কোনো স্থানত আকৌ গছৰ তলত, বাঁহৰ তলতে পাঠদান চলিছে । অংগনৱাড়ী কৰ্মীয়ে ঘৰতে বনাই আনে শিশুসকলৰ বাবে আহাৰ । ঠাইৰ অভাৱত আকৌ জোনাইৰ একাংশ আগনৱাড়ী কেন্দ্ৰ গোহালিৰ পৰাই চলিছে ৷ জোনাইৰ মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত বেৰা জলদুবি, বেৰামাজ গাঁও, চেঙাজান কৈৱৰ্ত, হৰিপুৰ দেউৰী আৰু বগৰিগুৰী আগনবাড়ী কেন্দ্ৰসমূহৰ বৰ্তমানৰ অৱস্থা অতি পুতৌ লগা (Condition of Anganbari centre in Jonai)।

ক'ৰবাত গোহালি সদৃশ নাম মাত্ৰ বাঁহৰ বেৰ আৰু মুকলি আকাশৰ তলত প্লাষ্টিকৰ চাল লগাই আগনৱাড়ী কেন্দ্ৰবোৰ চলাই থকা হৈছে । ইফালে দৈনন্দিত প্ৰয়োজনীয় খোৱাপানী, বৈদ্যুতিক সংযোগ আদিৰ ব্যৱস্থা নাই । বছৰি বানে গৰকা জোনাইৰ অংগনৱাড়ী কেন্দ্ৰবোৰৰ দুৰৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক । চৰকাৰক অংগনৱাড়ী কেন্দ্ৰৰ এই দুৰৱস্থাৰ বিষয়ে জনোৱা হৈছে যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । অংগনৱাড়ী কেন্দ্ৰবোৰৰ এই মৃত্যুমুখী যাত্ৰা দেখি শিক্ষা বিভাগ লগতে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব নে ?

ইফালে স্থানীয় লোকসকলেও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । কণ কণ শিশুসকলে যাতে এক সুন্দৰ, সুস্থিৰ পৰিৱেশত শিক্ষাগ্ৰহণ কৰিব পাৰে তাৰ বাবে অতি শীঘ্ৰে অংগনৱাড়ী কেন্দ্ৰবোৰত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ অভিভাৱক তথা স্থানীয় লোকসকলে দাবী জনাইছে ।

লগতে পঢ়ক :DAC election result: পূৰ্বৰ তুলনাত DAC নিৰ্বাচনত BJP ৰ ফলাফল খুবেই ভাল; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.