ETV Bharat / state

PMAY scheme in Dhemaji: ধেমাজিত PMAY আঁচনি ৰূপাণত দুৰ্নীতি হোৱাৰ অভিযোগ

author img

By

Published : Feb 27, 2023, 2:15 PM IST

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে PMAY আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈ আহিছে । ধেমাজিতো পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপন হৈছে উৎকোচ লোৱাৰ অভিযোগ(Corruption allegations in making of PM Awas Yojana) ।

Corruption in Dhemaji PMAY scheme
ধেমাজিত PMAY আঁচনি ৰূপাণত দুৰ্নীতি
ধেমাজিত PMAY আঁচনি ৰূপাণত দুৰ্নীতি হোৱাৰ অভিযোগ

ধেমাজি,২৭ ফ্ৰেব্ৰুৱাৰী: দেশৰ দৰিদ্ৰ জনতাই এখন ভাল ঘৰ সাজি উলিয়াবলৈ কেন্দ্ৰ চৰকাৰে আগবঢ়াইছে প্ৰধানমন্ত্ৰীৰ আবাসগৃহ । সেই অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নিৰ্মাণৰ কাম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চলি আছে আৰু এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নহয়, তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি তথা ঠিকাদাৰে চলাই গৈছে অবাধ দুৰ্নীতি(Corruption allegations in making of PM Awas Yojana) । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবাস নিৰ্মাণত আউল লগাই দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাসগৃহৰ নামত এচামে দুৰ্নীতি সংঘটিত কৰি আহিছে ।

যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰৈছে । যেন প্ৰহসনত পৰিণত হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ ’সকলোৱে বাবে গৃহ’ শীৰ্ষক এই শ্লোগান ৷ কাৰণ পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে বিচৰা ধৰণে উৎকোচ নাপালে চৰকাৰী গৃহ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত(Accused of taking bribe in exchange for PMAY house) ৷ সেয়ে এতিয়া ৰ’দ বৰষুণ ধুমুহাৰ সৈতে যুঁজি দৰিদ্ৰ পৰিয়ালে কটাইছে দুৰ্বিসহ জীৱন ।

এইবাৰ এনে অভিযোগ উত্থাপন হৈছে ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ চিচিমুখ গাঁও পঞ্চায়তখনৰ বিৰুদ্ধে(PMAY scam in Dhemaji) । পঞ্চায়তখনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰা বঞ্চিত হৈ বাস কৰিবলগীয়া হৈছে ট্ৰিপালৰ চালিৰ তলত । পঞ্চায়খনৰ চিচিকলঘৰৰ চাৰিটা সন্তানৰ মাতৃ মঞ্জু দাস আৰু কলিয়া দাস নামৰ হিতাধিকাৰীগৰাকীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দি আহিছে ।

কিন্তু লক্ষণীয়ভাৱে দুৰ্ভগীয়া পৰিয়ালটোৱে আজিকোপতি নাপালে চৰকাৰী গৃহ ৷ পৰিয়ালটোৱে অভিযোগ কৰা মতে, পঞ্চায়তখনৰ সভাপতিগৰাকীয়ে চৰকাৰী গৃহ দিয়া নামত উৎকোচ বিচাৰাছিল ৫০০০ টকা । কিন্তু ছোৱালীৰ অলংকাৰ বন্ধকত দি মঞ্জু দাসে দিছিল ২০০০ টকা(PM Awas Yojana in Dhemaji) । পৰিতাপৰ বিষয় যে এই টকাৰে উদৰৰ এটা কোণো নভৰিল পঞ্চায়ত প্ৰতিনিধিগৰাকীৰ । সেয়ে পৰিয়ালটোৱে নাপালে চৰকাৰী ঘৰ ।

এতিয়া অনিশ্চয়তাত দিন কটোৱা পৰিয়ালটোৱে বতাহ বৰষুণৰ সৈতে যুঁজি, পশুধনৰ সৈতে একেটা জুপুৰীতে সহবাস কৰিবলগীয়া হৈছে ৷ অভিযোগ অনুসৰি অঞ্চলটোৰ বহুকেইটা দৰিদ্ৰ পৰিয়ালে চৰকাৰী আৱাসগৃহৰ পৰা বঞ্চিত হৈছে ৷ ঘৰৰ অভাৱত পঢ়িবলৈ অসুবিধা পোৱা পৰিয়ালটোৰ কণমানি শিশুটিয়েও এটি ঘৰৰ বাবে চৰকাৰক কৰযোৰে অনুৰোধ কৰে ৷ একেদৰে একেখন গাঁৱৰে আন এগৰাকী লোকেও ধন দিব নোৱাৰাৰ বাবে ঘৰ নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে পঞ্চায়তখনৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৷ গাঁওখনৰ আৰ্থিক সবল ব্যক্তিয়ে PMAY ঘৰ পোৱা বুলি অভিযোগ উত্থাপন কৰে বঞ্চিত হিতাধিকাৰীসকলে ৷

এতিয়া ফাগুন চ’তৰ বতাহ বৰষুণক লৈ শংকিত হৈ পৰিছে এইসকল লোক ৷ কাৰণ বাৰিষাৰ আগমুহূৰ্তত এই দুটা মাহত যিকোনো সময়তে প্ৰচণ্ড বৰষুণ আৰু ধুমুহাই তচনচ কৰিব পাৰে তেওঁলোকৰ জুপুৰী ৷ পিছে ধনৰ লোভত অন্ধ জনপ্ৰতিনিধিয়ে বুজিবনে এওঁলোকৰ বেদনা ?

লগতে পঢ়ক: Black N White Movie: ৰাজ্যৰ ৫০টা ছবিগৃহত চলিছে ৰবি শৰ্মাৰ Black n white

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.