ধেমাজি, 12 এপ্ৰিলঃ লক ডাউনৰ মাজতেই দেওবাৰে ধেমাজি আৰক্ষীয়ে উদ্ধাৰ কৰে পিষ্টলসহ কেইবা হাজাৰ মূল্যৰ ব্ৰাউন চুগাৰ । এক সূত্ৰ অনুসৰি চলোৱা এক অভিযানত দেওবাৰে আবেলি, ধেমাজি সদৰ আৰক্ষী থানাৰ সমীপৰ গুৱালত ড্ৰাগছ বিক্ৰী কৰা অভিযোগত অভিযুক্ত, হৰেন গোঁহাই নামৰ লোক এজনৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে কেতবোৰ অপত্তিজনক সামগ্ৰী । এই অভিযানত আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা এটা পইন্ট 22 পিষ্টল, ত্ৰিশ হাজাৰতকৈও অধিক মূল্যৰ বাউন চুগাৰ, 5টা ম'বাইল আৰু খুকুৰী উদ্ধাৰ কৰে । উল্লেখ্য যে, আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত অভিযুক্ত হৰেন গোঁহাইয়ে ঘৰৰ পৰা পলায়ন কৰে । যাৰ বাবে হৰেন গোঁহাইৰ সলনি আৰক্ষীয়ে অভিযুক্ত লোকজনৰ পিতৃক আটক কৰে আৰু থানালৈ আনি এক গোচৰ ৰুজু কৰে বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, ধেমাজিত প্ৰায় দুশ যুৱকৰ লগতে দহ গৰাকী ড্ৰাগছ আসক্ত যুৱতী আৰু 6 গৰাকী ড্ৰাগছ ব্যৱসায়ী আছে বুলি সদৰী কৰে আৰক্ষীয়ে ।
লগতে পঢ়কঃ ছয়গাঁৱৰ গৰৈমাৰীত আটক দুজন ড্ৰাগছ আসক্ত লোক