ETV Bharat / state

কেতিয়া ওৰ পৰিব জোনাইৰ মধুপুৰ অঞ্চলৰ ৰাইজৰ এশ এবুৰি সমস্যা ?

author img

By

Published : Sep 28, 2021, 8:03 PM IST

চৰকাৰ তথা জনপ্ৰতিনিধিয়ে দেশ আৰু ৰাজ্যৰ সৰ্বাংগীন আৰু সম বিকাশ হৈছে বুলি মেলে-মিটিঙে উল্লেখ কৰি অহাৰ বিপৰীতে জোনাইৰ মধুপুৰ নামৰ বৃহত্তৰ অঞ্চলটোৱে উদঙাইছে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবি ৷ অঞ্চলটোৰ সমস্যা সমূূহৰ কথা জানিলো যিকোনো সচেতন ৰাইজৰ চকু কপালত উঠিব ৷

people-of-madhupur-area-of-jonai-are-facing-hundreds-of-problems
কেতিয়া ওৰ পৰিব জোনাইৰ মধুপুৰ অঞ্চলৰ ৰাইজৰ এশ এবুৰি সমস্যা ?

জোনাইত, 28 ছেপ্তেম্বৰ : দেশে স্বাধীনতা লাভ কৰা 74 বছৰৰ পিচতো উন্নয়নৰ পোহৰ দেখা নাই জোনাইৰ মধুপুৰ নামৰ বৃহত্তৰ অঞ্চলটোৱে ৷ একবিংশ শতিকাৰ এই সময়তো আদিম যুগৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে জোনাইৰ এই বৃহত্তৰ অঞ্চলৰটো ৰাইজে ৷ বৃহত্তৰ অঞ্চলটোৰ 1,2,3,আৰু 4 নং চিয়াৰী, তাগিৰবাৰী, উলুৱনী লংকা আদিকে ধৰি প্ৰায় 10 খনৰো অধিক গাঁৱলৈ যোৱা পথৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷

কোনো ধৰণৰ চৰকাৰী সহায় লাভ নকৰাৰ বাবে অতি জৰাজীৰ্ণ তথা দুর্গম পথেৰে 10 খনবো অধিক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জোনাই সদৰকে ধৰি বহিঃজগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলগীয়া হৈছে ৷ জোনাইৰ তেলামৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 7 কিলোমিটাৰ দক্ষিণে অৱস্থিত পিচপৰা বৃহত্তৰ অঞ্চলটোলৈ যাবলৈ বাট-পথ বুলিবলৈ একো নাই ৷ বাৰিষাটো বাদেই খৰালিটো অঞ্চলটোলৈ খোজ কাঢ়ি বা চাইকেলেৰে যাত্ৰা কৰাৰ আন উপায় নাই ৷

কেৱল ইমানেই নহয় চৰকাৰৰ আন কোনো অভিলাষী আঁচনিয়ে আজিলৈকে ঢুকি নাপালে মধুপুৰ অঞ্চলটো ৷ যাৰ বাবে অঞ্চলটোত আজিকোপতি নাই এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৷ নাই কোনো চিকিৎসালয় তথা চিকিৎসা কেন্দ্ৰ ৷ কোনো ডাঙৰ বেমাৰত পৰিলেই যেন মৃত্যু নিশ্চিত হৈ পৰে অঞ্চলটোৰ লোকৰ ৷

আনহাতে শিক্ষাৰ ক্ষেত্ৰতো অঞ্চলটোৰ অৱস্থা অতিকৈ পুতৌ লগা ৷ এখন প্ৰাথমিক বিদ্যালয়ৰ বাদে অঞ্চলটোত নাই কোনো ধৰণৰ মধ্য ইংৰাজী বা উচ্চ মাধ্যমিক বিদ্যালয় ৷ উল্লেখ্য যে, এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মধুপুৰ অঞ্চলবাসীৰ খবৰ লবলৈ কোনোদিনে আহৰি নোহোৱা জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ দিন চাপিলে বোকাপানী গচকি হলেও কিন্তু ৰাইজৰ কাষলৈ ভোট বিচাৰি যাবলৈ নাপাহৰে ৷

প্ৰতিটো নিৰ্বাচনৰ সময়ত বাটপথ,শিক্ষানুষ্ঠান, বিশুদ্ধ খোৱাপানী,উপ-স্বাস্থ্য কেন্দ্ৰ আদি নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে অনেক সপোন দেখুৱাই জনপ্ৰতিনিধয়ে আদায় কৰি আহিছে অঞ্চলটো ৰাইজৰ ভোট ৷ বিনিময়ত পাইছে কেৱল প্ৰতাৰণা আৰু অৱজ্ঞা ৷

লগতে পঢ়কঃ ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.