ETV Bharat / state

Dhemaji village pathetic road condition:চল্লিশ বছৰেও সলনি নহ’ল ৰাস্তাৰ নক্সা - ধেমাজিৰ অতিকে এখন ভিতৰুৱা গাঁও

ধেমাজি সমষ্টিত নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি অসাৰ হ’ল বিধায়ক ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ ৷

pathetic road and bridge condition of a village in dhemaji
সলনি নহ’ল ৰাস্তাৰ নক্সা
author img

By

Published : Jul 25, 2023, 4:33 PM IST

সলনি নহ’ল ৰাস্তাৰ নক্সা

ধেমাজি, 25 জুলাই : ধেমাজিৰ অতিকে এখন ভিতৰুৱা গাঁও, য’ত ল’ৰা শিশুৰ পৰা ডেকা হ’ল, ডেকাৰ পৰা আদহীয়া হ’ল, কিন্তু গাঁওখনত সলনি নহ’ল ৰাস্তাৰ নক্সা ৷ ধেমাজি বাটঘৰীয়া ভেৰেকীচুকৰ পৰা সৰুঢেকেৰা হৈ নৰোৱাথান ঘিলামৰা সংযোগী পথৰ দুৰৱস্থাত দুৰ্ভোগ ভূগিছে বৃহত্তৰ অঞ্চলবাসীয়ে ৷

ধেমাজি সদৰৰ পৰা মাত্ৰ ৮ কি:মি: নিলগৰ বাটঘৰীয়া গাঁও পঞ্চায়তৰ অধীনৰ ভেৰেকীচুকৰ পৰা সৰুঢেকেৰা গাঁৱৰ হৈ নৰোৱাথান আৰু ঘিলামৰালৈ যোৱা গড়কাপ্তানি পথটো দীৰ্ঘদিন ধৰি নিৰ্মাণ নকৰাত জীয়াতু ভূগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ পথটোত এখন দুখন নহয়, চাৰিখনকৈ আছে জৰাজীৰ্ণ বাঁহৰ দলং ৷ সমগ্ৰ পথছোৱা বাৰিষা ভঙা বাহঁৰ দলঙৰ মাজে মাজে একাঠু বোকা আৰু পানীৰে যাতায়ত কৰিবলগীয়া হয় অঞ্চলবাসীয়ে ৷

এই পথেৰে একমাত্ৰ যাতায়ত কৰা সৰুঢেকেৰা, বৰঢেকেৰা, চকলা দলনি আদিকে ধৰি ৪/৫ খন গাঁৱলৈ জৰুৰীকালীন অৱস্থাত নাযায় এম্বুলেন্স ৷ নাযায় দুচকীয়া বাহনো ৷ সেয়ে পথটোৰ লগতে আটাইকেইখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত সুচল কৰি দিবলৈ সংশ্লিষ্ট বিভাগৰ লগতে ধেমাজিৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাক দাবী জনাইছে বৃহত্তৰ অঞ্চলবাসীয়ে, অন্যথা আগন্তুক বৰ্ষত গাঁৱৰ ৰাইজ একেলগ হৈ ভোট বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷

ইপিনে চৰকাৰখনে আগন্তুক সময়ত গ্ৰামাঞ্চলত কটোৱাৰ কথা উল্লেখ কৰি গাঁৱৰ মানুহক আকৃষ্ট কৰিবলৈ পুনৰ প্ৰয়াস কৰাৰ কথা ভাবিছে যদিও আচলতে চৰকাৰখন এনে চমক সৃষ্টিকাৰী কাম কাজেৰে কিমান উপকৃত হ’ব সেয়া সময়তহে গম পোৱা যাব ৷

লগতে পঢ়ক : A village in Jonai has only bamboo bridges:জোনাইৰ এখন বিশেষ গাঁও, কেৱল বাঁহৰ দলঙৰেহে সংযুক্ত হৈ আছে বহি:জগতৰ সৈতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.