ETV Bharat / state

ধেমাজি অসামৰিক চিকিৎসালয়ত অক্সিজেন ভৰ্তি চিলিণ্ডাৰ বিস্ফোৰণ - চিলিণ্ডাৰ বিস্ফোৰণ

বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাৰ ফলত চিকিৎসালয়ত সৃষ্টি হয় হুৱা-দুৱা পৰিস্থিতিৰ ৷ তৃতীয় মহলাৰ চাৰ্জিকেল ৱাৰ্ডত থকা এজন ৰোগীক অক্সিজেন ভৰ্তি চিলিণ্ডাৰৰ পৰা অক্সিজেন দিবলৈ চেষ্টা কৰোতেই তীব্ৰ গতিৰে নিৰ্গত হয় এই গেছ ৷

dhemaji civil hospital
ধেমাজি অসামৰিক চিকিৎসালয়
author img

By

Published : Nov 11, 2020, 10:33 PM IST

ধেমাজি,11 নৱেম্বৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত বুধবাৰে অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ভয়ংকৰভাৱে নিৰ্গত হয় গেছ আৰু ধোৱা ৷ চিকিৎসালয়খনৰ ৰোগী,অভিভাৱক তথা নাৰ্চসকলৰ মাজত সৃষ্টি হয় হুৱা-দুৱা ৷ যিয়ে যেমেকৈ পাৰে তেনেকৈয়ে চিকিৎসালয়খনৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা কৰে ৷ আনহাতে অস্ত্ৰোপচাৰ কৰা অতি সংকটজনক ৰোগীয়েও হাতত চেলাইন লোৱা অৱস্থাত ওলাই আহিবলগীয়া হয় ৷

dhemaji civil hospital
ধেমাজি অসামৰিক চিকিৎসালয়

জানিব পৰা মতে,ধেমাজিৰ অসামৰিক চিকিৎসালয়ৰ তৃতীয় মহলাৰ চাৰ্জিকেল ৱাৰ্ডত থকা এজন ৰোগীক অক্সিজেন দিবলৈ নিয়া অক্সিজেন ভৰ্তি চিলিণ্ডাৰৰ পৰা ৰোগীক অক্সিজেন দিবলৈ চেষ্টা কৰোতেই তীব্ৰ গতিৰে নিৰ্গত হয় অক্সিজেন গেছ ৷ ফলত এক আতংকময় পৰিৱেশে বিৰাজ কৰে চিকিৎসালয়খনত ৷ অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই পলমকৈ গেছ বন্ধ কৰিবলৈ সক্ষম হয় ৷

ইফালে চিকিৎসালয় কৰ্তৃপক্ষৰ অদূৰদৰ্শিতাৰ বাবে এনে অবাঞ্চিত ঘটনা সংঘটিত হোৱা বুলি একাংশ ৰোগীৰ অভিভাৱকে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : সৰবৰাহী লোকৰ মৃত্যুত পুৰণিগুদামত শোকৰ ছাঁ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.