ধেমাজি , ৫ জুলাইঃ ধেমাজি আৰক্ষী থানাৰ অন্তগৰ্ত দীঘলী মিছিং গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ ধেমাজি ৰে'লৱে ষ্টেচনৰ সমীপৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় কিশোৰ জনৰ মৃতদেহটো ৷
ধেমাজিৰ মিছিং গাঁৱৰ গুন মিলিৰ পুত্ৰ ১৫ বছৰীয়া খগেশ্বৰ মিলি নামৰ কিশোৰ গৰাকীৰ মৃতদেহ দেওবাৰে উদ্ধাৰ হয় ৷ ধেমাজি ৰে'লৱে ষ্টেচনৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হয় কিশোৰ জনৰ মৃতদেহটো ৷ দেওবাৰে স্থানীয় লোকে কিশোৰ জনৰ মৃতদেহটো প্ৰথমতে প্ৰত্যক্ষ কৰে ৷ স্থানীয় লোকে ততালিকে উক্ত ঘটনাটো আৰক্ষী প্ৰশাসনক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত চক্ৰ বিষয়া উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে, মৃত কিশোৰ জন মৃগী ৰোগত আক্ৰান্ত হৈ আছিল আৰু যোৱা শনিবাৰে সন্ধিয়া পাঁচ বজাৰ পৰা সন্ধাহীন হৈ আছিল ৷
লগতে পঢ়ক- ৰাজ্যত বানত মৃত্যু 37 জনৰ