জোনাই, ২২ আগষ্ট : জোনাইত কাঠৰ চোৰাং ব্যৱসায়ীলৈ লক্ষ্য কৰি জোনাই বনকৰ্মীৰ গুলীচালনা (Firing at Jonai) ৷ বন বিভাগৰ এটা দলে চিয়াং নদীত তহল দি থকা সময়তে এই ঘটনা সংঘটিত হয় ৷ নদীৰ মাজত ইঞ্জিন চালিত নাৱেৰে চোৰাংকৈ কাঠ নি থকা দেখা পাই বন বিভাগৰ দলটোৱে নাওখন ৰখোৱাৰ চেষ্টা কৰি যদিও চোৰাং ব্যৱসায়ীৰ দলটোৱে কাঠসমূহ তাতে এৰি পলাবলৈ চেষ্টা কৰাত বনবিভাগৰ দলটোৱে চোৰাং চিকাৰীৰ নাওখনলৈ লক্ষ্য কৰি প্ৰায় ৬ জাঁই গুলীচালনা কৰে (Firing by forest guard at Jonai)৷
ইয়াৰ পাছতো চোৰাং চিকাৰীৰ দলটোৱে ইঞ্জিন চালিত নাও লৈ পলায়ন কৰিবলৈ সক্ষম হয় ৷ চিয়াং নদীৰ বুকুৱেদি প্ৰায়েই কাঠৰ চোৰাং ব্যৱসায়ীয়ে ইঞ্জিন চালিত নাও লৈ কাঠ সৰবৰাহ কৰি থাকে ৷
উল্লেখযোগ্য যে, অসম-অৰুণাচল সীমান্তৰ পূৱ চিয়াং জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ পৰা চোৰাংকৈ গছ কাটি একাংশ দুষ্কৃতিকাৰীয়ে বন ধ্বংসযজ্ঞ চলাই থকাৰ পাছতো চকু মুদা কুলিৰ ভাও ধৰি আহিছে অৰুণাচল প্ৰদেশৰ বন বিভাগৰ লগতে জোনাই বন বিভাগে ।
জোনাইৰ চিয়াং নদীৰ বুকুত দিন দুপৰতে একাংশ দুষ্কৃতিকাৰীয়ে কাঠৰ কুন্দা ভূৰ সাজি মুকলিকৈ ডিব্ৰুগড়, যোৰহাট আদিলৈ সৰবৰাহ কৰি আহিছে (Illegal timber trading at Jonai)।
লগতে পঢ়ক: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন লোৱা 2 টেকনিচিয়ানক নিলম্বন