জোনাই,10 জুলাই: শুকুৰবাৰে ধেমাজী জিলাৰ জোনাইত জোনাই আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী বৃদ্ধা মহিলাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা বৃদ্ধা গৰাকী জোনাইৰ গালী বৰবালিৰ ৰচন দলে বুলি জানিব পৰা হৈছে ৷ শুকুৰবাৰে দিনৰ প্ৰায় ৩.৩০ বজাত জোনাই আৰক্ষীয়ে স্থানীয় সংগঠন টিএমপিকেৰ(TMPK) সহযোগত অভিযান চলাই আটক কৰা বৃদ্ধাগৰাকীৰ পৰা প্ৰায় ২ কেজি ৬০০ গ্ৰাম গাঞ্জা জব্দ কৰে ৷
উল্লেখযোগ্য যে, জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে বৃদ্ধাগৰাকীৰ ঘৰত অভিযান চলায় ৷ বৃদ্ধাগৰাকীয়ে গাঞ্জা (GANJA )খিনি নিজৰ শিৱ মন্দিৰত ৰাখি থৈছিল । জানিব পৰা মতে, বৃদ্ধাগৰাকীয়ে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ শিৱ মন্দিৰৰ পৰাই গাঞ্জাৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি জোনাই আৰক্ষীয়ে অধিক তথ্যৰ আহৰণৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে বৃদ্ধাগৰাকীক ।
মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ পাচতে ৰাজ্যৰ এখন পাচত আনখন জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । যাৰ ফলত আৰক্ষীয়ে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰা ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখযোগ্য যে, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰা এক টুইটে উদঙাইছে ৰাজ্যত কি হাৰত সৰবৰাহ বা ব্যৱসায়ী গঢ়লৈ উঠিছিল অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৷ জিপি সিঙে টুইটত দিয়া তথ্য অনুসৰি শেহতীয়াকৈ 10 মে’ 2021 ৰ পৰা 29 জুন 2021 লৈকে ৰাজ্যত 1,318,954,435,00 টকা মূল্যৰ অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷
একেদৰে ৰাজ্যত এইদৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা বা ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে 723 টা গোচৰ ৰজু কৰাৰ লগতে 1253 গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰবলৈ সক্ষম হৈছে ৷ আনহাতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা নিচাজাতীয় সামগ্ৰী সমূহৰ তথ্যও জিপি সিঙে টুইটৰ জৰিয়তে দাঙি ধৰিছে ৷
সেই অনুসৰি 16,728 কেজি হে’ৰইন জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব প্ৰায় 334,559.800.00 টকা ৷ গাঞ্জা জব্দ কৰিছে 6859.216 কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 342,960,800,00 টকা ৷ জব্দ কৰা আফিঙৰ পৰিমাণ হৈছে 10,28027 কেজি যাৰ মূল্য হ’ব প্ৰায় 5,140,135,00 টকা ৷
একেদৰে 58571 টা কফ চিৰাফ বটল জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব 40,999,700,00 টকা ৷ তাৰ সমান্তৰালভাবে 948736 টা নিচাজাতীয় টেবলেট বা কেপচুল জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব 474,368,000,00 টকা ৷ Morphine বা আফিং 1,9292 কেজি জব্দ কৰিছে মূল্য হ’ব প্ৰায় 9,646,000,00 টকা ৷ আফু জব্দ কৰিছে প্ৰায় 3314কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 66,280,000,00 টকা ৷
crystal methamphetamine জব্দ কৰিছে 3.000 কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 45,000,000,00 টকা ৷ আনহাতে আৰক্ষীয়ে নগদ ধন জব্দ কৰিছে প্ৰায় 8,401,690,00 টকা ৷ একেদৰে বিদেশী টকা জব্দ কৰিছে প্ৰায় 13,630.00 টকা আৰু জালনোট জব্দ কৰিছে 6,800.00 টকাৰ ৷ উল্লেখযোগ্য যে, 31 বিঘা,3 কঠা, 12 লোচা মাটিত কৰা গাঞ্জা খেতি উচ্ছেদ কৰি ধব্বংস কৰিছে আৰক্ষী প্ৰশাসনে ৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ সহায়ৰ পাচতে আনন্দৰ বন্যা ডিব্ৰুগড়ৰ এটি পৰিয়ালত