ধেমাজি, 25 ডিচেম্বৰ : ধেমাজিৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি বালিকা মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত মুকলি বেডমিণ্টন প্ৰতিযোগিতা ৷ মহাবিদ্যালয়ৰ বেডমিণ্টন একাডেমিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হয় প্ৰতিযোগিতাখন ৷

ধেমাজি জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে পুৱা প্ৰতিযোগিতাখনৰ কাৰ্যসূচীৰ উদ্বোধন কৰে ৷ ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰা হয় ৷ অনুষ্ঠানত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ড0 ধনঞ্জয় ঘানাৱাট প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, বেডমিণ্টন প্ৰতিযোগিতাখনত অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক বৰগোহায়ে প্ৰতিযোগিতাখনত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷
লগতে পঢ়ক : মদনপুৰত জ্বলাই দিয়া হ’ল টোলগেট