ETV Bharat / state

জোনাইৰ বানাক্ৰান্তৰ কাষত নৰ্থ ইষ্টাৰ্ণ ক্লাৱ - নৰ্থ ইষ্টাৰ্ণ ক্লাৱ

শুকুৰবাৰে জোনাইৰ বানাক্ৰান্তৰ কাষত থিয় দিছে দিল্লীৰ গুঞ্জ নামৰ স্বেচ্ছাসেৱী সংগঠন আৰু নৰ্থ ইষ্টাৰ্ণ ক্লাৱ ৷ জোনাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত অকলেণ্ড গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগনত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ প্ৰায় দুই শতাধিক বৰ্নাত্য পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে সংগঠন দুটাই ৷

North Eastern club help Jonai flood affected people
জোনাইৰ বানাক্ৰান্তৰ কাষত নৰ্থ ইষ্টাৰ্ণ ক্লাৱ
author img

By

Published : Jul 25, 2020, 2:20 PM IST

জোনাই, 25 জুলাই : চিয়াং তথা লালী নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত ইতিমধ্যে বিগত ডেৰ মাহ ধৰি জোনাইৰ বিভিন্ন ঠাইত বানে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে ৷ ব্যতিক্ৰম নহয় বাহিৰ জোনাই গাওঁ পঞ্চায়তো ৷ পঞ্চায়তৰ বিভিন্ন গাওঁ এতিয়াও জলমগ্ন অৱস্থাত আছে ৷ চাৰিওফালে এতিয়া হাহাকাৰ পৰিস্থিতি ৷

অঞ্চলটোৰ জনসাধাৰণৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ খাদ্যৰ নাটনিয়ে দেখা দিছে ৷ প্ৰশাসনৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন, ব্যক্তি বিশেষে বানপীড়িত ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷

জোনাইৰ বানাক্ৰান্তৰ কাষত নৰ্থ ইষ্টাৰ্ণ ক্লাৱ

ইয়াৰ মাজতে শুকুৰবাৰে বাহিৰ জোনাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত অকলেণ্ড গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগনত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ প্ৰায় দুই শতাধিক বৰ্নাত্য পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে দিল্লীৰ গুঞ্জ নামৰ স্বেচ্ছাসেৱী সংগঠন আৰু নৰ্থ ইষ্টাৰ্ণ ক্লাৱে ৷ অঞ্চলটোৰ 1 নং অকলেণ্ড, 2 নং অকলেণ্ড, শান্তিপুৰ, গেজেৰা আৰু বলাই পাম গাঁৱৰ জনসাধাৰণৰ মাজত চাউল, দালি, তেল, নিমখ, আটা, চানা, হালধি, মচলা, কলগেট, কাপোৰ আদি বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে সংগঠনটোৱে ৷

উক্ত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে নৰ্থ ইষ্টাৰ্ণ ক্লাৱৰ উপদেষ্টা ৰাম বড়ি, সম্পাদক নৱ দেউৰী, সহকাৰী সম্পাদক প্ৰমোদ পাৱ, সদস্য অঞ্জন কুম্বাং, থমাছ দলে, বন্তি বৰা আৰু ডীম্পল টায়ুং ৷

লগতে পঢ়ক : COVID-19 যোদ্ধালৈ স্বৰ্ণ পদক উচৰ্গা কৰিলে হিমা দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.