ETV Bharat / state

2021ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

author img

By

Published : Jul 17, 2020, 8:16 PM IST

Updated : Jul 17, 2020, 9:23 PM IST

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই বেৰাচাপৰি অঞ্চলত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লৈ বৰ্নাত্যই পাব লগা উচিত খাদ্য সামগ্ৰী প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ ইয়াৰোপৰি,জোনাই সমষ্টিৰ এই বিস্তীৰ্ণ অঞ্চলৰ গৰাখহনীয়া, বিজ্ঞান সন্মত মঠাউৰি নিৰ্মাণ কৰি সমস্যাৰ সমাধান কৰাৰ দাবী জনাই ৰাইজে ৷ অন্যথা আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ভুক্তভোগীয়ে ৷

2021ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ
2021 ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

জোনাই, ১৭ জুলাইঃ 2021 চনত ভোট বৰ্জনৰ সিদ্ধান্ত প্ৰতিবছৰে বানৰ সৈতে যুঁজ দি ভাগৰি পৰা জোনাইবাসীৰ ৷ বছৰটোৰ দ্বিতীয়টো বানে প্লাৱিত কৰিছে জোনাই মহকুমাৰ প্ৰায় তিনি শতাধিক শতাধিক গাঁও । পূৰ্বতকৈও অধিক জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতিয়ে। লালী-চিয়াং,চিমেন,চিলে,ডেপী, দিখাৰী আৰু জোনাই নদীৰ প্ৰলয়ংকৰী বানত জোনাই ৰাজহ চক্ৰৰ বাহিৰে জোনাই,চিলে,লাইমেকুৰী,চমকং,লোহিজান,গালী চিকাৰী,ৰামধন আৰু মিছামৰা গাঁৱ পঞ্চায়তত অন্তৰ্গত দুই শতাধিক গাঁৱৰ হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি,প্ৰায় ৮২৭১৮ হেজাৰ লোকৰ শ শ পশুধন সকলো প্ৰলয়ংকৰী বানৰ কৱলত ৷ কিন্তু এই লোকসকলৰ এপাক খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ প্ৰতিবছৰে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিয়ে বাৰিষা কালত পাহৰি যায় ধেমাজিৰ বিষয়ে ৷ ফলশ্ৰুতিত এতিয়া সাগৰ সদৃশ পৰিস্থিতিত জোনাই অঞ্চল।

2021ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

বিগত ২০০০ চনৰ পৰা জোনাই নৈপৰীয়া ৰাইজে বানত ককবকাই থকাৰ পাছতো চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেইয়ে বানাক্ৰান্ত জোনাইৰ ৰাইজে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ জোনাইৰ বানাক্ৰান্তৰ ৷ বানৰ কবলত পৰি খাদ্য আৰু খোৱা পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰি থকিব লগা হৈছে ৷ প্ৰশাসনে আশ্ৰয় শিবিৰত নগ'লে বান সাহাৰ্য দিয়া নহ'ব বুলি কোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত । কৰ'ণাৰ এই জটিল সময়ৰ মাজত হাজাৰ বানাক্ৰান্ত লোকক বান শিবিৰলৈ যোৱাটো যুক্তি সংগত নহয় বুলি দাবী কৰি সকলো পৰিয়ালক ঘৰে-ঘৰে সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ দাবী উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে ।

No development, no vote in Jonai

লগতে পঢ়কঃ অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ

বৰ্নাত্যৰ অভিযোগ বিগত এমাহ ধৰি চিয়াং- লালীৰ বানত ৰাইজে নিজা ঘৰ বাৰে এৰি মথাউৰি ওপৰত আশ্ৰয় লৈছে যদিও আজি পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা নামমাত্ৰ সাহাৰ্য প্ৰদান কৰাক লৈ ৰাইজে ক্ষোভ উজাৰিছে ৷ ভোকে পিয়াহে মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনে কিয় পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান দিব পৰা নাই বুলি প্ৰশ্ন কৰিছে বানপীড়িত ৰাইজে ৷ এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে জোনাইৰ বন্যাৰ্তই ৷ এইবাৰৰ বানপানীৰ অৱস্থা ১৯৯৮ চনত হোৱা চীনা পানী খ্যাত বানতকৈ কোনোগুণে কম নহয় বুলি উল্লেখ কৰিছে জোনাইৰ বানাক্ৰান্তই । যাৰ ফলত জোনাই মহকুমা অন্তৰ্গত ৮ খন পঞ্চায়তৰ অধিকাংশ গাঁও বানত বেয়াকৈ প্লাৱিত হৈ পৰিছে ৷ যমৰ যাতনাত উজাগৰী নিশা কটাইছে জোনাইৰ শ শ বন্যাৰ্তই ৷ অনাহাৰে মঠাউৰিৰ ওপৰত আশ্ৰয় লৈছে সহস্ৰাধিক ৰাইজ তথা পশুধনে ৷

উল্লেখযোগ্য যে মঠাউৰিত শিবিৰ পাতি বসবাস কৰি থকা বৰ্নাত্যৰ কাৰণে চাউল,দাইল,নিমখ,মিঠাতেল,জুইশলা,আঠুৱা,মমবাতি,জুইশলা,বিস্কুট,খোৱাপানী তিৰপাল আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা বুলি মহকুমা প্ৰশাসনে জানিব দিয়ে ৷ কিন্তু বানাক্ৰান্তই জানিবলা দিয়া মতে মাত্ৰ চাউল জনে প্ৰতি ডেৰ কেজি , দাইল আধা কেজি আৰু নিমখ আধা কেজি কৈ মাহত তিনিবাৰ পোৱা বুলি কয় ৷ বৃহস্পতিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই বেৰাচাপৰি অঞ্চলত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লৈ বৰ্নাত্যই পাব লগা উচিত খাদ্য সামগ্ৰী প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ ইয়াৰোপৰি, জোনাই সমষ্টিৰ এই বিস্তীৰ্ণ অঞ্চলৰ গৰাখহনীয়া, বিজ্ঞান সন্মত মঠাউৰি নিৰ্মাণ কৰি সমস্যাৰ সমাধান কৰাৰ দাবী জনাই ৰাইজে ৷ অন্যথা আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ভুক্তভোগীয়ে ৷

Last Updated : Jul 17, 2020, 9:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.