ETV Bharat / state

New tea factory at Jonai: ১২ কোটি টকা ব্যয়ৰে জোনাইত নিৰ্মাণ চাহ ফেক্টৰী - new tea factory inaugurated in jonai

জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সুখবৰ ৷ চাহ ফেক্টৰী নিৰ্মাণেৰে স্থানীয় চাহ খেতিয়কলৈ সকাহ (New tea factory at Jonai) ৷

New tea factory in Jonai
জোনাইত নিৰ্মাণ চাহ ফেক্টৰী
author img

By

Published : May 4, 2023, 10:56 PM IST

জোনাইত নিৰ্মাণ চাহ ফেক্টৰী

জোনাই, 4 মে’: জোনাইত বুধবাৰে শুভাৰম্ভ কৰা হয় এটি চাহ ফেক্টৰী (New tea factory inaugurated at Jonai) ৷ জোনাইৰ তেলামত ১২ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা আৰ্শীবাদ চাহ ফেক্টৰীয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে জোনাইৰ লগতে সীমান্তৰ অৰুণাচলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে (New tea factory worth rs 12 crore at Jonai) ৷

জোনাই বিশিষ্ট ব্যৱসায়ী তথা সমাজ কৰ্মী সাগৰমল আগাৰৱালাৰ পুত্ৰ অজয় আগৰবালাই আৰম্ভ কৰা এই আৰ্শীবাদ চাহ ফেক্টৰীয়ে বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ এক বহু দিনীয়া এক অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷ বিশেষকৈ জোনাই মহকুমাৰ লগতে ধেমাজি, চিলাপথাৰ, ডিমৌ আদি বিভিন্ন অঞ্চলৰ লগতে সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ বহুদিনীয়া সমস্যা সমাধান কৰাত নৱ নিৰ্মিত আৰ্শীবাদ চাহ ফেক্টৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে (Ashirvad tea factory of Jonai) ৷

আৰ্শীবাদ চাহ ফেক্টৰীৰ স্বত্বাধিকাৰী তথা ব্যৱসায়ী অজয় আগৰৱালাই এই চাহ ফেক্টৰীৰ শুভাৰম্ভ কৰি উৎকৃষ্টতম চাহ প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা হাত লোৱা বুলি প্ৰকাশ কৰে ৷ ইয়াৰ বাবে তেখেতে চাহ খেতিয়ক সকলক উত্তম চাহ পাত যোগান ধৰিবলৈ আহ্বান জনায় আৰু ইয়াৰ বাবে চাহ কোম্পানীটোৱে খেতিয়ক সকলক উচিত মূল্য দিয়াৰো আশ্বাস প্ৰদান কৰে (New tea factory in Jonai) ৷

শেহতীয়াকৈ চৰকাৰে ৰাজ্যত ৰাজসাহায্যৰ ভিত্তিত ক্ষুদ্ৰ কলঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam govt scheme for tea industry) ৷ ৰাজ্যত নিৰ্মাণ হ’ব 250 টা ক্ষুদ্ৰ কলঘৰ ৷ এই ক্ষুদ্ৰ কলঘৰ নিৰ্মাণে চাহ খেতিয়কক কেঁচাপাতৰ উচিত মূল্য দিয়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷ দুশ বছৰ হোৱা অসমৰ চাহ উদ্যোগকলৈ ৰাজ্য চৰকাৰে লোৱা এই প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাইছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে (Assam tea industry) ৷

লগতে পঢ়ক : Small tea mills : সকাহ পাব ৰাজ্যৰ চাহ খেতিয়কে; ৰাজসাহায্যৰ ভিত্তিত স্থাপন হ’ব ক্ষুদ্ৰ কলঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.