ETV Bharat / state

আন্তৰ্জাতিক চাহ দিৱসঃ চাহ শ্ৰমিকৰ মনলৈ আশাৰ সঞ্চাৰ - ধেমাজিৰ এখন ক্ষুদ্ৰ জৈৱিক বাগিছা

আন্তৰ্জাতিক চাহ দিৱস উপলক্ষ্যে চাহ শ্ৰমিকৰ অনুভৱ প্ৰকাশ ৷ লক ডাউনে জুৰুলা কৰা চাহ শ্ৰমিকসকলৰ মনলৈ নতুন আশাৰ সঞ্চাৰ আহিছে ৷ কাৰণ চাহপাতৰ ডালত নতুন কলি আহিছে ৷ আগন্তুক দিনবোৰ ভাল হ’ব বুলি চাহ শ্ৰমিকসকলে আশা কৰিছে ৷

চাহ শ্ৰমিকৰ মনলৈ আশাৰ সঞ্চাৰ
চাহ শ্ৰমিকৰ মনলৈ আশাৰ সঞ্চাৰ
author img

By

Published : May 21, 2020, 7:40 PM IST

Updated : May 21, 2020, 8:22 PM IST

জোনাই, ২১ মে’: আজি আন্তৰ্জাতিক চাহ দিৱস ৷ চাহ উদ্যোগৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে এই দিনটোৰ বিশেষ তাৎপৰ্য আছে ৷ কিন্তু লক ডাউনে বিপৰ্যয় নমাই অনা ক্ষুদ্ৰ চাহ খেতিয়ক তথা বাগিছাৰ লগত জড়িত দিন হাজিৰা কৰা শ্ৰমিকসকলৰ এতিয়া আলৈ-আথানি ৷ বিগত দুমাহত 1ৰ পৰা 2 হাত পৰ্যন্ত চাহ গছৰ সৰু সৰু ডালসমূহ কাটি পেলাবলগীয়াত পৰিছে বাগিছাৰ কৰ্মচাৰীসকলে, যাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিছে তেওঁলোক ৷

চাহ শ্ৰমিকৰ মনলৈ আশাৰ সঞ্চাৰ

কিন্তু এতিয়া পুনৰ নতুন চাহ গছৰ কলিসমূহ অহাৰ বাবে মনত আশাৰ সঞ্চাৰ আহিছে চাহকৰ্মীসকলৰ ৷ আগন্তুক এসপ্তাহৰ ভিতৰত ধেমাজিৰ এখন ক্ষুদ্ৰ জৈৱিক বাগিছা হিচাপে পৰিচিত মহেশ্বৰী টি ইষ্টেটৰ লগত জড়িত প্ৰায় 40টা পৰিয়ালৰ পুনৰ ভাত মুকলি হ’ব বুলি জানিব পৰা গৈছে ৷ যোৱা দুমাহৰ ভিতৰত কেইটামান দিনহে একোগৰাকী শ্ৰমিকে কাম পাইছিল, যাৰ ফলত যথেষ্ট অভাৱৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে বুলি চাহ কৰ্মীসকলে দুখ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ছোনিয়াৰ গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু : কংগ্ৰেছৰ গৰিহণা

Last Updated : May 21, 2020, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.