ধেমাজি,16 ছেপ্তেম্বৰঃ গড়কাপ্তানী বিভাগৰ নৱনিৰ্মিত কোটি টকীয়া পকী দলং নিৰ্মাণত বিসংগতিৰ অভিযোগ । অভিযোগ মতে বান বিধৱস্ত পশ্চিম ধেমাজিৰ ঢেকেৰা অঞ্চলৰ গড়কাপ্তানী বিভাগৰ পকী দলং উদ্বোধনী নৌ হওতেই বাঢ়নী পানীয়ে দলংৰ খুঁটা সমূহ খান্দি নিয়াৰ ফলতে এটা অংশ বেকা হৈ বহি গৈছে আৰু ঠায়ে ঠায়ে ফাঁট মেলিবলৈ আৰম্ভ কৰিছে ।
উল্লেখ্যযোগ্য যে, ধেমাজি গড়কাপ্তানী ৰাজ্যিক পথ সংমণ্ডলে তদাৰকী কৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বুটিকোৰ পৰা ঘুগুহালৈ যোৱা ঢেকেৰাত নিৰ্মিত দলং পেকেজ নং 04- 267 , দৈঘ্য : 56:75 মি: । যোৱা 14/12/2018 কাম আৰম্ভ কৰি পকী দলংখন ৰ কাম সমাপ্ত কৰা তাৰিখ 14/12/2019 । ঠিকা লাভ কৰিছিল এম এল বাঞ্চাল নামৰ ঠিকাদাৰ জনে ।

ইপিনে দলঙৰ এটা মূৰৰ মাটি পানীয়ে খহাই নিয়াৰ ফলত কথমপি যাতায়ত অব্যাহত আছে যদিও যি কোনো মুহূৰ্ততে ভয়ংকৰ অঘটন হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
