ETV Bharat / state

জোনাইত ৰাষ্ট্ৰীয় পোষণ মাহ পালন - Srimanta Sankaradeva Kalakshetra

শিশুৰ পুষ্টিহীনতা তথা গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে এমাহ পূৰ্বে পোষণ অভিযান (Poshan Abhiyaan in Assam) আৰম্ভ কৰা হৈছিল । মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এমাহ জোৰা কাৰ্যসূচীৰে উদযাপিত এই কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে ।

জোনাইত ৰাষ্ট্ৰীয় পোষণ মাহ পালন
জোনাইত ৰাষ্ট্ৰীয় পোষণ মাহ পালন
author img

By

Published : Sep 29, 2022, 9:51 PM IST

জোনাই, ২৯ ছেপ্টেম্বৰ: মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প, মুৰ্কংচেলেক উন্নয়ন খণ্ড আৰু জোনাই সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ (National Nutrition Month observed in Jonai) উপলক্ষে বৃহস্পতিবাৰে জোনাই গাঁও পঞ্চায়তৰ প্ৰংগনত পোষণ পঞ্চায়ত কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিসদৰ (Mishing Autonomous Council) সাধাৰণ সদস্য নৰেশ কুম্বাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় পোষণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে ।

উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে কয় যে, পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী । এই অভিযান ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা অভিযান বুলি উল্লেখ কৰি তেওঁ থলুৱা, ঔষধি আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ পৰিপূৰক অৱস্থালৈ উপনীত কৰোৱাৰ ক্ষেত্ৰত হিতাধীকাৰীক সজাগ কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয় । এই অনুষ্ঠানটোত থলুৱা আৰু ঔষধি খাদ্যৰ প্ৰদৰ্শন কৰা হয় ।

উক্ত সভাত দণ্ডাধীশ প্ৰিতম কুমাৰ দাস, বাহিৰ জোনাই আঞ্চলিক পঞ্চায়তৰ সদস্য ত্ৰৈলোক্য সোণোৱাল,বাহিৰ জোনাই পঞ্চায়তৰ সভানেত্ৰী জিনিতা কছাৰী কুম্বং, জোনাই বজাৰ, কেমি জেলম্, ৰায়াং বিজয়পুৰ, লাইমেকুৰী, ছিগা, চিমেন চাপৰি আদি চক্ৰৰ মুখ্য সেৱিকা সকল, কেইবাগৰাকী জীৱিকা সখী, কেইবাটাও অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকা, পঞ্চায়ত প্ৰতিনিধি, শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি, অভিভাৱিকা সকল উপস্থিত থাকে ।

শিশুৰ পুষ্টিহীনতা তথা গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এমাহ পূৰ্বে পোষণ অভিযান আৰম্ভ কৰা হৈছিল । এই অভিযানক এটি গণ আন্দোলনলৈ ৰূপান্তৰিত কৰি এখন সুস্থ ভাৰতবৰ্ষ নিৰ্মাণৰ উদ্দেশ্যেৰে ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে ৰূপায়িত ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ (Srimanta Sankaradeva Kalakshetra) শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত (Sri Sri Madhavadeva International Auditorium) শুভাৰম্ভ কৰিছিল । মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এমাহ জোৰা কাৰ্যসূচীৰে উদযাপিত এই কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে ।

লগতে পঢ়ক:মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.