ধেমাজি, 19 আগষ্ট : শাওণৰ শেহত অহা ভদীয়া বানে প্লাৱিত কৰিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ বিশেষকৈ বান বিধস্ত ধেমাজিত অৰ্ধ শতাধিক গাঁও প্লাৱিত হৈছে বানৰ দ্বাৰা ৷ নামনি অসমৰ চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও আদি কেইবাখনো জিলাত দেখা গৈছে বানৰ প্ৰকোপ ৷ কুৰিশ্বু বান্ধৰ পৰা এৰি দিয়া পানীয়ে জলমগ্ন কৰিছে নামনি অসমৰ এইকেইখন জিলা ৷ একেদৰে ধেমাজি, লখিমপুৰতো বাঢ়নী পানীৰ মাজত হাহাকাৰ কৰিছে ৰাইজে ৷
জীয়াধল, বৰাজান আৰু ৰাই নদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৩০ খন গাঁও বেয়াকৈ প্লাৱিত কৰাৰ পাচত বৃহস্পতিবাৰে পানীৰ পৰিমাণ হ্ৰাস হৈছে যদিও বিশেষ উন্নত হোৱা নাই বান পৰিস্থিতি ৷ বুৰ গৈ আছে ধেমাজিৰ প্ৰায় কুৰিখন ৰাজহ গাঁও ৷
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাঁৱৰ অংশত আজিও পথৰ ওপৰেৰে পানী বাগৰি থকাৰ বিপৰীতে ঘাইকৈ বাটঘৰীয়া পঞ্চায়তৰ ঘেয়াৰী, চেঁচাহৰ, পাভমাৰী, চেঙেলীপথাৰকে ধৰি কেইবাখনো গাঁৱৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে ৷ সেইদৰে জীয়াঢল চাৰিআলিৰ পৰা চমৰাজানলৈ যোৱা গ্ৰাম্যপথটোৰ কেইবা ঠাইতো পথৰ পৰা দলং বিছিন্ন হোৱাৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে ।
উল্লেখ্য যে, ধেমাজিত জীয়াধল নদীৰ প্ৰৱল বানে বৰ্মন গাঁওস্থিত কফাৰডেমৰ প্ৰায় ৫০০ শ মিটাৰ অংশ ১৭ আগষ্টত উটুৱাই নিয়াৰ পাচত ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ বাটঘৰীয়া, নৰোৱাথান, জীয়াধল পঞ্চায়তৰ প্ৰায় কুৰিখন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৷ তাৰ বিপৰীতে মৰিধল আৰু লক্ষীপথাৰ পঞ্চায়তৰ প্ৰায় ১০ খন গাঁও ৰাই নৈ তথা বৰাজান নৈৰ বানৰ কৱলত পৰাত বন্যাৰ্তৰ মাজত হাহাকাৰ লাগিছে ৷ আশ্ৰয় শিবিৰৰ ব্যৱস্থা নথকাত বানাক্ৰান্তই নিজৰ ঘৰৰ ভিতৰত চাংপাতি অথবা ভৰাল ঘৰকে নিৰাপদ ঠাই হিচাপে ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত 22 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি