ETV Bharat / state

ধেমাজিত আদৰ্শ চিকিৎসালয় মুকলি - ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ

ধেমাজিত মুকলি আদৰ্শ চিকিৎসালয় মুকলি ৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰে চিকিৎসালয়খন ৷

model-hospital-inaugurate-at-dhemaji
ধেমাজিত আদৰ্শ চিকিৎসালয় মুকলি
author img

By

Published : Jan 11, 2021, 8:58 PM IST

ধেমাজি,11 জানুৱাৰী : ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ চিচিমুখত সোমবাৰে আদৰ্শ চিকিৎসালয় মুকলি কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ সেই উদ্দেশ্য এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজত শুভ উদ্বোধনী সভা অনুষ্ঠিত হয় ৷

model-hospital-inaugurate-at-dhemaji
উদ্বোধনী অনুষ্ঠান

সভাত ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰৰ লগতে ধেমাজিৰ বিধায়ক ডা:ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে ৷ সভাত অনগ্ৰসৰ পিছপৰা অঞ্চলটোত আদৰ্শ চিকিৎসালয়খনৰ জৰিয়তে স্থানীয় জনসাধাৰণে উপকৃত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে স্থানীয় বিধায়ক গৰাকীয়ে ৷

ইপিনে,ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে,চৰকাৰখনে সকলো ক্ষেত্ৰতে উন্নয়ন বিচাৰিছে ৷ সেয়ে হাস্পতাল নিমাৰ্ণ কৰাৰ লগতে ৰাস্তা-ঘাট, স্কুল-কলেজ সকলো প্ৰতিষ্ঠা কৰিছে ৷

উল্লেখ্য যে,চিকিৎসালয়খনত চাৰিজন চিকিৎসক,পাঁচগৰাকী নাৰ্চ সহ অন্যান্য কৰ্মী নিয়োগ কৰি উদ্বোধনী দিনাৰে পৰা ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতীক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.