ETV Bharat / state

এসময়ৰ 'শ্ৰেষ্ঠ বিধায়ক' ভুৱন পেগুৰ পুত্তলিকা জ্বলিল নিজ সমষ্টিতে - জোনাই মহকুমাৰ অন্তৰ্গত ৰাজাখানা গাঁও

এসময়ৰ 'শ্ৰেষ্ঠ বিধায়ক' ভুৱন পেগুৰ পুত্তলিকা জ্বলিল ৷ ক্ষুব্ধ ৰাইজে দাৰে ঘপিয়ালে পেগুৰ পুত্তলিকাতো ৷ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত ক্ষোভৰ বহিঃপ্ৰকাশ সমষ্টিবাসী ৰাইজৰ ৷

এসময়ৰ 'শ্ৰেষ্ঠ বিধায়ক' ভুৱন পেগুৰ পুত্তলিকা জ্বলিল নিজ সমষ্টিতে

author img

By

Published : Jun 3, 2022, 6:11 PM IST

জোনাই, ৩ জুনঃ জোনাই মহকুমাৰ অন্তৰ্গত ৰাজাখানা গাঁও পঞ্চায়তৰ অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া নাহৰ দেতাক গাঁৱৰ ৰাইজে শুকুৰবাৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ প্ৰতিমূৰ্তি দাহ কৰাৰ উপৰিও জ্বলন্ত প্ৰতিমূৰ্তিলৈ নিক্ষেপ কৰে শিলগুটি৷ কেৱল সিমানেই নহয়, দাৰে ঘপিয়াই ক্ষোভৰ বহিঃপ্ৰকাশ কৰে ৰাইজে ।

নব্বৈ দশকৰ পৰা নাহৰ দেতাক গাঁৱৰ ৰাইজে দেতাক নৈৰ ওপৰত এখন পকী দলং বিচাৰি হতাশ হৈ পৰিছে ৷ ফলত আজি নাহৰ দেতাগ অঞ্চলৰ ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি নিজেই দেতাক নৈৰ ওপৰত এখন বাঁহৰ দলং সাজি উলিয়াই শ্ৰমদানেৰে । নাহৰ দেতাক গাঁৱৰ ৰাইজে বছৰ-বছৰ ধৰি দলং নিৰ্মাণ সন্দৰ্ভত অসম চৰকাৰ তথা স্থানীয় বিধায়ক ভুৱন পেগুক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো বিধায়ক গৰাকীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে ।

এসময়ৰ 'শ্ৰেষ্ঠ বিধায়ক' ভুৱন পেগুৰ পুত্তলিকা জ্বলিল নিজ সমষ্টিতে

এখন দলঙৰ অভাৱত উক্ত অঞ্চলৰ প্ৰায় ২৫-২৬ খন গাঁৱৰ ৰাইজৰ শৈক্ষিক, চিকিৎসা সেৱাৰ লগতে সন্মুখীন হৈ আহিছে এশ এবুৰি সমস্যাৰ৷ উল্লেখযোগ্য যে উক্ত গাঁৱৰ ৰাইজক বিধায়ক ভুৱন পেগুৱে প্ৰতি নিৰ্বাচনৰ সময়ত নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও জয়ী হোৱাৰ পিছত আজিকোপতি কোনোধৰণৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত নাহৰ দেতাক অঞ্চলৰ ক্ষুব্ধ ৰাইজে আজি এনেদৰে এসময়ৰ শ্ৰেষ্ঠ বিধায়ক ভুৱন পেগুৰ পুত্তলিকা দাহ কৰে ৷

লগতে পঢ়ক: ইগৰাকীৰ পিছত সিগৰাকীক বিয়া পাতি আৰক্ষীৰ জালত আব্দুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.