ETV Bharat / state

বনভোজ খাবলৈ গৈ কেনেকৈ জংঘলৰ দাঁতি পালেগৈ লকেচনে ?

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:43 PM IST

Missing man found : বনভোজ খাবলৈ গৈ অথন্তৰ হ’ল এজন লোকৰ ৷ বনভোজস্থলীৰ পৰা নিলগত অচেতন অৱস্থাত উদ্ধাৰ বনভোজকাৰী ৷ দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন ৷

Missing man found
বনভোজ খাবলৈ গৈ কেনেকৈ জংঘলৰ দাঁতি পালেগৈ লকেচনে ?

বনভোজ খাবলৈ গৈ কেনেকৈ জংঘলৰ দাঁতি পালেগৈ লকেচনে ?

জোনাই, 8 জানুৱাৰী : অৰুণাচলৰ নিক’লক নদীত দেওবাৰে বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হৈ আছিল জোনাইৰ মিগৰ দঃলুং গাঁৱৰ লকেচন দাৱক নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷ পৰিয়াল তথা স্থানীয় ৰাইজৰ সহযোগত বহু বিচাৰ খোচাৰৰ অন্তত সোমবাৰে লোকজনক নদীৰ পাৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ।

উল্লেখ্য যে, জোনাইৰ মিগৰ দলুং গাঁৱৰ নিবাসী লকেচন দাৱৰ লগতে কেইবাজনো লোক দেওবাৰে অৰুণাচল প্ৰদেশৰ নিক'লক নদীত বনভোজ খাবলৈ গৈছিল । কিন্তু বনভোজস্থলীৰ পৰা হঠাৎ ব্যক্তিজন নিখোঁজ হয় । ঘটনাৰ পিচতে দেওবাৰে সন্ধিয়ালৈকে পৰিয়াল তথা সহযাত্ৰীসকলে লকেচনক নিক'লক নদীত বিচৰাৰ লগতে নদীৰ আশে পাশে অনুসন্ধান চলায় যদিও ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।

তাৰ পিচতে দেওবাৰে পুৱাৰে পৰা পুনৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত লোকজনক বিচাৰি চলাথ কৰে ৷ অৱশেষত সোমবাৰে দুপৰীয়া বনভোজস্থলীৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ পাহাৰৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় লকেচনক ৷ ইতিমধ্যে লোকজনক জোনাই ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ অৱশ্যে ঘটনাৰ সন্দৰ্ভত এতিয়াও একো তথ্য লাভ কৰা হোৱা নাই ৷

লক্ষণীয় যে, দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিচত অসম আৰক্ষীয়ে বনভোজ সন্দৰ্ভত SOP জাৰি কৰিছে ৷ নিৰ্দেশনা অনুসৰি, বনভোজলৈ যোৱা বাহনসমূহত যাতে অতিমাত্ৰা ভিৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । বনভোজথলী বা ইয়াৰ আশে-পাশে কোনেও কোনো ধৰণৰ অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব । বাহনসমূহৰ চালকসকলে গাড়ী চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব ।বাহনসমূহত উচ্চস্বৰত সংগীত বজাব নোৱাৰিব । অবৈধ সুৰা বিক্ৰী হোৱা ধাবাত স্থানীয় আৰক্ষীয়ে অবিৰতভাৱে অভিযান চলাব । সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যাস্তৰ পিচত পিকনিক পাৰ্টিৰ কোনো ধৰণৰ অহা-যোৱা হ’ব নালাগে । স্থানীয় আৰক্ষী থানাক বনভোজৰ ভ্ৰমণৰ আৰম্ভণি স্থল আৰু গন্তব্যস্থানৰ বিষয়ে আগতীয়াকৈ অৱগত কৰিব লাগিব ৷ স্থানীয় আৰক্ষীৰ এটা চোৱা-চিতা কৰা গোট থাকিব লাগে, যদি সহায়ৰ প্ৰয়োজন হয় ৷ প্ৰতিখন বনভোজথলী গাঁওৰক্ষী বা ভিডিপিয়ে নিৰীক্ষণ কৰিব, যিয়ে বনভোজথলী বা ইয়াৰ আশে-পাশে যিকোনো অবৈধ বা অনৈতিক কাৰ্যকলাপ ধৰা পেলোৱাত সহায় কৰিব । স্পৰ্শকাতৰ বনভোজথলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগে । প্ৰতিটো পিকনিক স্পটত পৰ্যাপ্ত পাৰ্কিং স্থান নিৰ্ধাৰণ কৰিব লাগে । বনভোজকাৰী দলৰ পৰিবহনৰ দায়িত্বত থকা বাছ চালকসকলক নিজৰ দায়িত্ব সঠিকভাৱে অৱগত কৰাব লাগে আৰু উপযুক্ত জোতা পিন্ধাটো সুনিশ্চিত কৰিব লাগে ৷

লগতে পঢ়ক: ভয়ংকৰ; তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে ট্ৰেফিক পইণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.