জোনাই,৩০ মে': প্ৰতিকাৰৰ জৰিয়তে শান্তি, মংগল আৰু পথাৰৰ শস্য বৃদ্ধিৰ কামনাৰে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে প্ৰতিবছৰে পালন কৰে দবুৰ পূজা (Missing Community Celebrates Dobur Puja) । সমগ্র মিচিং অধ্যুষিত অঞ্চলৰ লগতে মঙলবাৰে জোনাই মহকুমাৰ পুৰণা জেলম গাঁৱতো পালন কৰে দবুৰ পূজা । পুৰণা জেলম গাঁৱৰ ৰাইজে গাঁৱৰ পৰা কিছু নিলগত থকা জেলম নদী পাৰত অনুষ্ঠিত কৰে এই দবুৰ পূজা (Dobur Puja Celebrate) ।
মিচিংসকলৰ লোক বিশ্বাস অনুসৰি খেতিয়ক ৰাইজে খেতি মাটিৰ বাবে হাবি জংঘল কাটি জুই লগোৱাৰ পাছত অজস্ৰ কীট পতংগ, সাপ বেং আদি জুইত পুৰি অজানিতে হত্যা কৰে আৰু হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু, কুম টি অজানিতে হত্যা কৰে ৷ সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি সদৌ ৰাইজে মিলি বছৰত পালন কৰে এই দবুৰ পূজা (Missing Community Celebrates Dobur Puja in Jonai) ৷
এই পূজাত গাঁৱৰ ঘৰে ঘৰে আজেং সংগ্ৰহ কৰাৰ পিছত গাঁৱৰ আচুতীয়া ঠাইত বা নৈৰ দাতিত দবুৰ পূজাৰ মাংগলিক কাৰ্য সম্পন্ন কৰা হয় । দবুৰ পূজাত গাঁৱৰ অন্য ব্যক্তিৰ প্ৰবেশ নিষেধ কৰা হয় । এই দবুৰ পূজাত থলচৰ ডাঙৰীয়া নামত এটা ৰঙা মতা কুকুৰা, স্বৰ্গ দেৱতা নামত এটা বগা কুকুৰা, লক্ষ্মী দেৱীৰ নামত বগা মাইকী কুকুৰা, কাৰ্চিং কাৰ্তাকৰ নামত এটা পখৰা কুকুৰা, আই বসুমতীৰ নামত মাইকী গাহৰি এটা বধ কৰি উৎসৰ্গা কৰাৰ লগতে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ অপৰাধ নিৰ্মূল কৰিবৰ বাবে অনা কুকুৰাবোৰ লোকবিশ্বাস অনুসৰি ৰাজহুৱাকৈ বধ কৰি উৎসৰ্গা কৰে দেৱ দেৱী সকললৈ (Dobur Puja in Jonai) ৷
ইয়াৰ পিছত লোক বিশ্বাস অনুসৰি তেল মছলা নিদিয়াকৈ ৰাইজে মিলি এসাজ আহাৰ গ্ৰহণ কৰে দবুৰ পূজাস্থলীতে ৷ এনেবোৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ আন আন মিচিং অধ্যুষিত প্ৰান্তৰ লগতে পশ্চিম জোনাইৰ বিভিন্ন মিচিং গাঁৱত দবুৰ পূজা উদযাপন কৰা হয় ।
নিজ নিজ গাঁৱৰ লগতে পৰিয়ালৰ অপায়-অমংগল দূৰীকৰণৰ উদ্দেশ্যি পালন কৰে পশ্চিম জোনাইৰ ৰামধন দিখাৰী অঞ্চলৰ ছাংগা দিখাৰী, কেকন দিখাৰী, আৰাং দিখাৰী, পংকক দিখাৰী, মৰা দিখাৰী, ৰামধন কৰৈবাৰী, ৰামধন লালী, ৰামধন মালী, ৰামধন বুঢ়ীসূঁতি, বৰদণ্ডী মিচিং,মিছামৰা অঞ্চলৰ মংগলবৰীয়া, নামচি চুবাকে আদি কৰি মিচিং গাঁৱৰ ৰাইজে সমূহীয়াভাৱে দবুৰ পূজা পালন কৰা পৰিলক্ষিত হয় ।
প্ৰতিখন গাঁৱৰ ৰাইজে মঙলবাৰে পুৱাৰ ভাগত পুৰুষসকলে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰি চাং কোবাই পূজাত ব্যৱহৃত খাদ্য সামগ্ৰী বিচাৰি যায় । প্ৰতিটো পৰিয়ালে পাৰ্যমানে ছাইমদ, কুকুৰা, কণী, চাউল, নিমখ, জলকীয়া আদি খাদ্য সামগ্ৰী আগবঢ়াই আগন্তুক বছৰটোত পৰিয়ালৰ মংগল কামনা আৰু কল্যাণৰ বাবে আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰে ।