ETV Bharat / state

ধেমাজি গোহাই গাঁও পঞ্চায়তত ব্যাপক অনিয়মৰ অভিযোগ - ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ গোহাই গাঁও পঞ্চায়ত

ধেমাজি গোহাই গাঁও পঞ্চায়তত সৌৰ চাকি স্থাপনৰ নামত ব্যাপক অনিয়মৰ অভিযোগ গোহাই গাঁও উন্নয়ন সমিতিৰ ৷ তথ্য জনা অধিকাৰ আইনৰ ওচৰ চাপিও কোনো সুফল নোপোৱা বুলি অভিযোগ সমিতিৰ ৷

গোহাই গাঁও উন্নয়ন সমিতিৰ অভিযোগ
ধেমাজি গোহাই গাঁও পঞ্চায়তত ব্যাপক অনিয়মৰ অভিযোগ
author img

By

Published : Dec 16, 2020, 9:12 AM IST

ধেমাজি, 16 ডিচেম্বৰ : ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ গোহাই গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষত চৰকাৰে আৱণ্টন দিয়া ধনৰাশিৰ ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে গোহাই গাঁও উন্নয়ন সমিতিয়ে ৷ সমিতিয়ে অভিযোগ কৰা মতে, পঞ্চায়তটোৰ উন্নয়নৰ বাবে চৰকাৰে পুজি আৱণ্টন দিয়াৰ পিছতো ইয়াৰ যথোপযুক্ত ব্যৱহাৰ কৰা নাই আৰু চৰকাৰী উন্নয়নমূলক আঁচনিৰ নামমাত্ৰ কাম কৰিয়ে পুঁজি আত্মসাৎ কৰিছে ৷ তদুপৰি চৰকাৰে সৌৰ চাকি স্থাপন কৰাৰ নামত যোগান ধৰা পুঁজিও সংশ্লিষ্ট বিভাগটোৱে লুণ্ঠন কৰিছে ৷

ধেমাজি গোহাই গাঁও পঞ্চায়তত ব্যাপক অনিয়মৰ অভিযোগ

সৌৰ চাকিৰ বাবে আৱন্টন হোৱা সিংহভাগ ধনৰাশি আত্মসাৎ মাত্ৰ 10/12 টা সৌৰ চাকি স্থাপন কৰিয়ে দায়িত্ব সামৰিলে বুলি অভিযোগ তুলিছে উন্নয়ন সমিতিয়ে ৷ ইতিমধ্যে এই বিষয়ে বিতং তথ্য বিচাৰি তথ্য জনা অধিকাৰ আইনৰ ওচৰ চাপিছিল যদিও সংশ্লিষ্ট বিভাগে আজিকোপতি কোনো ধৰণৰ তথ্য প্ৰদান নকৰিলে উন্নয়ন সমিতিক ৷

এই বিষয়ে ধেমাজি খণ্ড উন্নয়ন বিষয়াক অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই৷ আনহাতে, বিষয়টো পুনৰবাৰ ধেমাজি খণ্ড বিষয়াক অৱগত কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি মন্তব্য কৰিছে গোহাই গাঁও উন্নয়ন সমিতিয়ে ৷

লগতে পঢ়ক : মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে:সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.