ETV Bharat / state

ভূমি বিবাদক লৈ অশান্ত হৈ থকা বিলাসীপাৰাত দুই মন্ত্ৰী

author img

By

Published : Sep 2, 2022, 10:14 PM IST

বেলতলীৰ ভূমি বিবাদ কাণ্ডক লৈ অশান্ত হৈ পৰা বিলাসীপাৰাত উপস্থিত মন্ত্ৰী অজন্তা নেওগ আৰু ৰণজিৎ কুমাৰ দাস(Ministers Ajanta Neog and Ranjit Das in Bilasipara) । ভূমি বিবাদ আৰু নৃশংস হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজনক কঠোৰতম শাস্তি বিহাৰ আশ্বাস মন্ত্ৰীদ্বয়ৰ ৷

ministers-ajanta-neog-and-ranjit-das-in-bilasipara
ভূমি বিবাদক লৈ অশান্ত হৈ পৰা বিলাসীপাৰাত মন্ত্ৰী অজন্তা নেওগ আৰু ৰণজিৎ দাস

বিলাসীপাৰা, 2 ছেপ্টেম্বৰ: ভূমি বিবাদ কাণ্ডক লৈ অশান্ত হৈ পৰা বিলাসীপাৰাৰ বেলতলীত শুকুৰবাৰে উপস্থিত হয় বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পঞ্চায়ত, গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে বিলাসীপাৰাত উপস্থিত হৈ অঞ্চলটোৰ সম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীদ্বয়ে ৷ মন্ত্ৰীদ্বয়ে এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব বুলি আশ্বাস দিয়ে(Beltoli land dispute case) ।

উল্লেখ্য যে, ২১ আগষ্টত বিলাসীপাৰাৰ বেলতলীৰ ভূমি বিবাদক কেন্দ্ৰ কৰি একাংশ উদণ্ড লোকৰ নিৰ্মম প্ৰহাৰত মৃত্যু হৈছিল ছফিলউদ্দিন শ্বেখ নামৰ এজন লোকৰ । তাৰ পিছতেই সম্পূৰ্ণৰূপে অশান্ত হৈ পৰিছিল সমগ্ৰ বিলাসীপাৰা । মৃতদেহ সন্মুখত লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ(National Highway blocked by Local's) কৰিছিল হাজাৰ হাজাৰ লোকে । ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি উক্ত ঘটনাৰ লগত জড়িত অধিকাংশ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

ইয়াৰ পাছতেই শুকুৰবাৰে বিলাসীপাৰাৰ বেলতলীত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু অজন্তা নেওগ ৷ মন্ত্ৰীদ্বয়ে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে দোষী ব্যক্তিক কঠোৰতম শাস্তি বিহাৰ বাবে নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে লগতে এই হত্যাকাণ্ডৰ লগত জড়িত কোনো এজনো দোষী যাতে সাৰি যাব নোৱাৰে, তাৰবাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীদ্বয়ক এই সময়ছোৱাত সংগ দিয়ে ধুবুৰী জিলাৰ উপায়ুক্ত আম্বামুথান এম পি আৰু বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে ৷

লগতে পঢ়ক : উচ্ছেদ চলাব লগীয়া অঞ্চল পৰিদৰ্শন জিপি সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.