ETV Bharat / state

ক’ভিড পৰিস্থিতি বুজ ল’বলৈ ধেমাজিত উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু

author img

By

Published : May 14, 2021, 7:11 PM IST

মন্ত্ৰী হিচাপে ধেমাজিত প্ৰথমবাৰৰ বাবে উপস্থিত ডাঃ ৰণোজ পেগু ৷ ধেমাজিৰ ক’ভিড পৰিস্থিতিক লৈ তৎপৰ নৱ নিযুক্ত মন্ত্ৰীগৰাকী ৷ ধেমাজি বাছ টাৰ্মিনাচত নতুনকৈ স্থাপন কৰিবলগীয়া 150 খন বিচনাযুক্ত ক’ভিড চিকিৎসালয়ৰ পৰ্যবেক্ষণ মন্ত্ৰীগৰাকীৰ ৷

ক’ভিড পৰিস্থিতি বুজ লবলৈ ধেমাজীত উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু

ধেমাজী, 14 মে': শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈয়েই ধেমাজি আৰু লখিমপুৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে শুকুৰবাৰে ধেমাজিত উপস্থিত হয় ডাঃ ৰণোজ পেগু ৷ ধেমাজি বাছ টাৰ্মিনাচত নতুনকৈ স্থাপন কৰিবলগা 150 খন বিচনাযুক্ত ক’ভিড চিকিৎসালয়ৰ পৰ্যবেক্ষণ কৰাৰ পিছতে মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ধেমাজি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে ৷

ইয়াৰ পিছতে নৱনিযুক্ত মন্ত্ৰী তথা ধেমাজি আৰু লখিমপুৰ জিলাৰ ক’ভিড পৰ্যবেক্ষক ডাঃ ৰণোজ পেগুৱে চিলাপথাৰ আৰু জোনাইলৈ গৈ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ ইপিনে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মন্ত্ৰী পেগুৱে মন্তব্য কৰে যে, ধেমাজি অসামৰিক চিকিৎসালয়ত সম্প্ৰতি অক্সিজেন পাইপ লাইনযুক্ত বিচনাৰ স্থাপনৰ পদক্ষেপ হাতত লোৱা হৈছে ৷ সমান্তৰালভাৱে ২০ খন বিচনাযুক্ত আই চি ইউ নিৰ্মাণো অব্যাহত থকাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : নাৰায়ণপুৰত চাৰিচকীয়া বাহনে মহতিয়ালে বাইক আৰোহীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.