ধেমাজি, 16 আগষ্ট : ধেমাজিত 6 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা ইনডৰ ষ্টেডিয়াম মুকলি কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ ২০১৩-১৪ ৰ অধীনত ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ধেমাজি ইনড’ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
ধেমাজি ক্ৰীড়া বিভাগৰ কাৰ্যালয় প্ৰাংগনত মুকলি কৰা এই ইনড’ৰ ষ্টেডিয়ামত ৩ খনকৈ বেডমিন্টন কৰ্ট, টেবুল টেনিচ কৰ্টৰ লগতে মাৰ্ছিয়েল আৰ্ট, কাবাডী আদি খেল খেলিব পৰা সুবিধা উপলব্ধ হ’ব ৷ শুভ উদ্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ক্ৰীড়াই দেশৰ সন্মান অনাৰ লগতে ভাল খেলুৱৈ সকলৰ সংস্থাপন নিশ্চিত কৰে ৷
শুভ উদ্বোধন অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত অংকুৰ ভৰালী সহ শতাধিক ৰাইজ আৰু খেলুৱৈসকলে অংশগ্ৰহণ কৰে ৷ ইতিমধ্যে ধেমাজিত বেডমিন্টন কৰ্ট কেইবাখনো আছে যদিও কাৰ্যত নতুন শিকাৰু সকলৰ বাবে ঠাইৰ অভাৱ আছিল ৷ এই নতুন ষ্টেডিয়ামখনত প্ৰশিক্ষণৰ জৰিয়তে নৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত সুন্দৰকৈ আগবঢ়াই নিব বুলি সকলো আশাবাদী ৷
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে, ধেমাজিত এখন ইনড’ৰ ষ্টেডিয়ামৰ খুৱেই প্ৰয়োজন আছিল ৷ সেই অভাৱ আজি দূৰ হৈছে ৷ ইনড’ৰ গেমছৰ কাৰণে অন্যান্য যিখিনি প্ৰয়োজনীয় সা-সামগ্ৰী লাগে সেইখিনিও অনাগত দিনত যোগান ধৰা হ’ব, যাতে ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ যোগেদি নিজৰ ক্ৰীড়া প্ৰতিভা বিকশিত পাৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে এই ইনড’ৰ ষ্টেডিয়ামতে বেডমিণ্টনৰ প্ৰশিক্ষণৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে আৰু এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : Assam CM HBS in Jorhat: আজিৰে পৰা দুদিন যোৰহাটত কটাব মুখ্যমন্ত্ৰীয়ে; মুকলি কৰিব প্ৰথমখন উৰণ সেতু