ETV Bharat / state

জোনাই-চেঙাজান-বেৰাচাপৰি অঞ্চল পৰিদৰ্শন মন্ত্ৰী নৱ কুমাৰ দলেৰ

author img

By

Published : May 31, 2020, 9:19 PM IST

পৰৱৰ্তী বাৰিষাৰ বাবে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি ৰাইজক আশ্বস্ত কৰিলে মন্ত্ৰী নৱ কুমাৰ দলেই ৷ খহনীয়া প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে হাতত লোৱা আঁচনিৰ দ্বাৰা নৈপৰীয়া ৰাইজ উপকৃত হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

no need to worry about the upcoming monsoon season,says naba kumar doley
জোনাই-চেঙাজান-বেৰাচাপৰি অঞ্চল পৰিদৰ্শন মন্ত্ৰী নৱ কুমাৰ দলেৰ

জোনাই, ৩১মে’: ধেমাজি জিলাৰ চেঙাজানত আজি ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু ৰূপায়ণ হৈ থকা পকী পাৰ্কুপাইন আঁচনিৰ কাম পৰিদৰ্শন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে । লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূবন পেগুৰ সৈতে আজি দুপৰীয়া ১২ বজাত চেঙাজানত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা তিনি কোটি টকীয়া পকী পাৰ্কুপাইন আঁচনিৰ কামৰ বুজ লয় ।

no need to worry about the upcoming monsoon season,says naba kumar doley
বাৰিষাৰ বাবে ৰাইজক আতংকিত ন’হবলৈ আহ্বান

ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু চৰকাৰী আঁচনিৰ কাম পৰিদৰ্শন কালত চেঙাজানত পূৰ্বতেও বাঁহৰ আৰু পকী পাৰ্কুপাইন আঁচনিৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লৈছে যদিও কোনো সুফল পোৱা নাই বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় বৰ্তমান ব্ৰহ্মপুত্ৰৰ সূঁতি সলনি হৈছে আৰু খহনীয়া প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে হাতত লোৱা আঁচনিৰ দ্বাৰা নৈপৰীয়া ৰাইজ উপকৃত হ'ব । চেঙাজানত জলসম্পদ বিভাগৰ অধীনত তিনি কোটি টকাৰ পকী পাৰ্কুপাইন আঁচনি ৰূপায়ণ চলি থকাৰ উপৰি ইয়াৰ উজনি দিশৰ চেঙাজান গোৱালা গাঁৱৰ পৰা চেঙাজান ফেৰীঘাটলৈ দুই কোটি টকাৰ ব্যয় সাপেক্ষে আন এখন পকী পৰ্কিউপাইন আঁচনি ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আঁচনিখনৰ নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পথত বুলিও মন্তব্য আগবঢ়াই মন্ত্ৰী নবকুমাৰ দলেয়ে ।

ইফালে মন্ত্ৰী নৱ দলে জোনাইৰ চিয়াং লালী নদীত বান বিধ্বস্ত আৰু গৰাখহনীয়াত আক্ৰান্ত বেৰাচাপৰি অঞ্চলত গ্ৰামোন্নয় বিভাগৰ অধীনৰ ৫০ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি থকা মথাউৰি পুনৰ পৰিদৰ্শন কৰি কয় ধেমাজি জিলাৰ জোনাই মহকুমাৰ ঐৰামঘাটৰ পৰা চেঙাজানলৈকে প্ৰায় ৪২ কিলোমিটাৰ নদীৰ পাৰত জলসম্পদ বিভাগৰ কোনো মথাউৰি আগৰেপৰা নাই ৷ এতিয়া বাহিৰ জোনাই, বিজয়পুৰ আৰু গালী অঞ্চলত প্ৰায় তিনিকিলোমিটাৰ নদীৰ খহনীয়া অব্যাহত ৰাখিছে ৷ এই খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে মন্ত্ৰী জনে MGNREGA আঁচনিৰ দ্বাৰা প্ৰায় ১২ কিলোমিটাৰ দৈঘ্যৰ এক বান প্ৰতিৰোধ আঁচনি অনুমোদন কৰিছে যাতে বাহিৰ জোনাই, বিজয়পুৰ, গালী অঞ্চলত বাৰিষা কালত সংকটত ভূগিব লগা নহয় । লগতে তেওঁ অতি শীঘ্ৰেই এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্মচাৰীক নিৰ্দেশ দি ৰাইজক আশ্বাস প্ৰদান কৰে আৰু ৬০ শতাংশ কাম আগবাঢ়িছে বুলি মন্তব্য কৰে । জলসম্পদ বিভাগেও পাৰ্কুপাইনৰ বাবে ২ কোটিৰ আঁচনি সোনকালে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে জনায় মন্ত্ৰীগৰাকীয়ে ৷ অনাগত দিনত ঐৰামঘাটৰ পৰা নামনি অংশত জোনাই মহকুমাৰ ব্ৰহ্মপুত্ৰৰ বাহিৰত থকা সমগ্র অঞ্চলটো সুৰক্ষিত কৰাৰ বাবে এটা সু-পৰিকল্পিত আঁচনিৰ কাৰনে স্থানীয় বিধায়ক আৰু সাংসদৰ সৈতে আলোচনা কৰা হৈছে বুলি কয় মন্ত্ৰী নৱ দলে ৷ বেৰাচাপৰিত চিয়াং লালী নদীৰ গৰাখহনীয়াৰ বুজ লৈ এইবাৰৰ বাৰিষাত স্থানীয় ৰাইজক শংকিত হোৱাৰ নহ'বলৈ কৈ এইক্ষেত্ৰত জিলা প্ৰশাসন, মহকুমা প্ৰশাসন, স্থানীয় বিধায়ক, সাংসদ সকলোৱে মিলি বান-বিধ্বস্ত ৰাইজৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনায় ।

উল্লেখ্য যে, আশী দশকৰ পৰাই বৃহত্তৰ চেঙাজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া অব্যাহত আছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াত ধেমাজি জিলাৰ চিচি ৰাজহ চক্ৰৰ লেম্প চাপৰি, চেঙাজান গোৱালা, বগৰীবাৰী, বুটঘাট কেম্প, কেডি গাওঁ, গোগামুখীয়া, চেঙাজান হাজং, ৬ নং বৰগাওঁ বড়ো, ২ নং চেঙাজান বৰগাওঁ, হন্থাপাৰা, যাত্ৰাঘাট, চেঙাজান বালিগাওঁ, নেওলাপাৰা, বৈৰাগী নলা, বালিগাওঁ, কালিথান, চেঙাজান ২ নং বগৰীবাৰী, চেঙাজান বালি মিচিং, ১ নং চেঙাজান বৰগাওঁ, মঙ্গলবৰীয়া বজাৰ, ৪ নং মাজৰবাৰী, আলিচিঙা, ঘটপট্টা, ১ নং লক্ষ্মীপাৰা, ২ নং লক্ষ্মীপাৰা, তিননলী, শুকুৰবৰীয়া বজাৰ আদি ডেৰ কুৰিখনৰো অধিক জনবসতিপূৰ্ণ কৃষিজীৱি গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন গৈছে ।

চেঙাজানত পূৰ্বতেও মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে বাঁহৰ ব্ৰুজ পুতি ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ কাম কৰা হৈছিল যদিও কোনো সুফল দিয়া নাছিল । আনহাতে বাহিৰ জোনাইৰ পৰা চেঙাজান ফেৰীঘাটলৈ জলসম্পদ বিভাগৰ অধীনত যোৱা পাঁচ বছৰৰ আগতে বাইশ কোটি টকাৰ ব্যয় সাপেক্ষ পকী পাৰ্কুপাইন আঁচনিৰ কাম ৰূপায়ণ কৰা হৈছিল । কিন্তু আঁচনিখন ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম হোৱা বাবে লালী নদীৰ খহনীয়া প্ৰতিৰোধত সফল হোৱা নাই ।

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনত শেহতীয়াকৈ ৰূপায়ণ কৰা কেবাকোটি টকীয়া পকী পাৰ্কুপাইনৰ আঁচনিয়ে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ নিয়ন্ত্ৰণ কৰিব পাৰিবনে নাই নৈপৰীয়া ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

গৰাখহনীয়া সমস্যাৰ বুজ ল’বলৈ জোনাইত মন্ত্ৰী নৱ কুমাৰ দলে

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ প্ৰদান বৰুৱা বিধায়ক ভূবন পেগু, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগী, চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা,মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শৈলেন চুতীয়া, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, নৰেশ কুম্বাং, জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে,জোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, জোনাই আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰাজু গগৈ আৰু চিমেন চাপৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰাম বৰা সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য প্ৰতাপ টায়ে, জলসম্পদ বিভাগৰ জোনাই উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জৱাহৰলাল ৰয়ৰ লগতে সকলো বিভাগৰ বিষয়া আৰু দল সংগঠন উপস্থিত থাকে ।

লগতে পঢ়কঃ অসম সংগ্ৰামী মঞ্চৰ উপদেষ্টাৰ দায়িত্ব গ্ৰহণ প্ৰাক্তন আইএএছ চি কে দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.