জোনাই , 6 মে: বুধবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে জোনাইৰ বেৰাচাপৰিৰ নিৰ্মীয়মান ৫০ লাখ টকাৰ মথাউৰি পৰিদৰ্শন কৰে ৷ দৰাচলতে জোনাইৰ চিয়াং-লালী নদীৰ প্ৰচণ্ড খহনীয়াত নৈ পৰীয়া বৃহত্তৰ বেৰাচাপৰিৰ মথাউৰিটো বিগত বছৰত বানে চিঙি নিয়াৰ ফলত লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
উল্লেখ্য যে, 2019 বৰ্ষৰ খহনীয়াত বেৰাচাপৰি মথাউৰিৰ প্ৰায় সিংহ ভাগ চিয়াং- লালী নদীৰ বুকুত জাহ গৈছিল ৷ ফলত আগন্তক বাৰিষাৰ বাবে শংকিত হৈ পৰিছিল ৰাইজ ৷ কিন্তু বাৰিষাৰ পূৰ্বে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এজিএনৰেগা আঁচনিৰ জৰিয়তে আবন্টিত প্ৰায় ৫০ লাখ টকাৰে বেৰাচাপৰি মথাউৰিটোৰ নিৰ্মাণ আৰম্ভ কৰা হয় ৷
বুধবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে মথাউৰি নিৰ্মানত ব্যস্ত হৈ থকা স্থানীয় মহিলাসকলে মাস্ক পৰিধান কৰাৰ ওপৰটো দৃষ্টি নিক্ষেপ কৰে ৷ আনহাতে কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশতে চলি থকা লক্ ডাউনৰ বাবে যাতে গ্ৰাম্য অৰ্থনীতিত কোনো প্ৰভাৱ নপৰে তাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা শ্ৰমিক বা যুৱক যুৱতীসকলক ১৫ দিনৰ ভিতৰত জবকাৰ্ড প্ৰদান কৰাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷