ETV Bharat / state

Embankment of Jiyadhal River: জীয়াঢলৰ মথাউৰি নিৰ্মাণ লেহেমীয়া হোৱাত ক্ষুব্ধ মন্ত্ৰী

author img

By

Published : Mar 9, 2023, 2:03 PM IST

জীয়াঢল নদীৰ কুমটীয়াত সোঁপাৰৰ মথাউৰিৰ নিৰ্মাণ লেহেমীয়া হোৱাত থিকাদাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshav Mahanta)। মথাউৰিটোৰ বগলীজানত নিৰ্মাণ আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই সমাপ্ত কৰিবলৈ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰীৰ ।

Minister Keshav Mahanta visited embankment at Dhemaji
মথাউৰি পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

ধেমাজি, ৯ মাৰ্চ: ধেমাজি জিলাৰ কুমটীয়াত জীয়াঢল নদীৰ সোঁপাৰৰ মথাউৰি পৰিদৰ্শন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । বুধবাৰে ধেমাজিৰ চকুলো হিচাপে খ্যাত জীয়াঢল নদীৰ কুমটীয়াত সোঁপাৰৰ 9 কিলমিটাৰ দৈঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta visited embankment at Dhemaji) ৷ যোৱা বছৰ অৰ্থাৎ 2022 চনত জীয়াঢলৰ বানত কুমটীয়াৰ সোঁপাৰৰ এই মথাউৰিটোৰ বগলীজানত কিছু অংশ ছিগি গৈছিল (Minister Keshav Mahanta visited embankment of Jiyadhal River) ৷ যোৱা 9 ফ্ৰেব্ৰুৱাৰীৰ পৰা বগলীজানত সংশ্লিষ্ট বিভাগৰ ঠিকাদাৰে কাম আৰম্ভ কৰিছে যদিও ক্ষীপ্ৰতাৰে আগবঢ়া নাই মথাউৰিৰ নিৰ্মাণৰ কাম ৷ এই নিৰ্মীয়মাণ অৱস্থাত থকা মথাউৰিটোৰ কামৰ অ্গ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই নিৰ্মাণৰ লেহেমীয়া গতি দেখি সেই স্থানৰ পৰাই ব'হাগ বিহুৰ পূৰ্বেই মথাউৰিটো নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰ আৰু অভিযন্তাক নিৰ্দেশ দিয়ে (Keshav Mahanta visited embankment at Kumtia )। তদুপৰি ঠিকাদাৰক সকলোৰে সন্মুখত পৰিদৰ্শন থলীতেই কাম সোনকালে সম্পূৰ্ণ কৰাৰ বাবে পৰ্যাপ্ত শ্ৰমিক নিয়োগ কৰা লগতে আনুষংগিক সামগ্ৰীৰ অভাৱ নোহোৱাকৈ যিকোনো প্ৰকাৰে সম্পূৰ্ণ কৰিবলৈ দিয়ে নিৰ্দেশ ৷ তেওঁ লগতে শ্ৰমিক আৰু অভিযন্তাই প্ৰতিদিনে কিমান মিটাৰ কাম আদায় কৰিব, শ্ৰমিকৰ কাৰ্যদক্ষতা ,কামৰ সময় কিমানলৈ বৃদ্ধি কৰিব আদি সমগ্ৰ কামৰ ওপৰত খতিয়ান জমা দিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে মথাউৰিৰ কাম সম্পূৰ্ণ হলেই পাৰ্কুপাইন স্থাপন কৰাকে ধৰি আনুসংগিক কামবোৰো তৎকালীনভাৱে কৰিলৈ তেওঁ নিৰ্দেশ দিয়ে ৷

ইপিনে, এইবাৰ পূৰ্বৰ তুলনাত মথাউৰিটো যথেষ্ট আহল বহলকৈ নিৰ্মাণ কৰিছে ৷ ৬মিটাৰ পৰ্যন্ত বহল কৰা হৈছে মথাউৰিটো ৷ সেয়েহে এইবেলি বাৰিষা বানৰ কৰাল গ্ৰাসৰ পৰা অঞ্চলবাসীয়ে সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত ধেমাজি জিলাৰ অগপৰ বিষয়ববীয়া আৰু জলসম্পদ বিভাগৰ বিষয়ববীয়া সকলে সংগ দিয়ে ৷

লগতে পঢ়ক:Woman mason of Assam: ৰাজমিস্ত্ৰীৰ ৰূপেৰে আন দহগৰাকীৰ বাবে আদৰ্শ হোৱা ভূটান সীমান্তৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.