ধেমাজি , ১৯ জুলাই : "ধেমাজিৰ বান সমস্যা পূৰ্বতকৈ বহু উন্নত হৈছে ৷ এটা সময়ত ধেমাজিৰ বানৰ বিভীষিকা অন্ত পৰিব ৷" এই মন্তব্য ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷ শুকুৰবাৰে ধেমাজি জীয়াঢলৰ মড়ল চুকৰ কুমটীয়া মথাউৰি পৰিদৰ্শন কৰাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ধেমাজিৰ জীয়াঢল কুমতীয়াৰ সোঁপাৰৰ মথাউৰিৰ চামপৰালৈকে 4 কিলোমিটাৰতকৈ অধিক নিৰ্মাণৰ বাবে এছডিআৰএফ শিতানত প্ৰাককলন প্ৰস্তুত কৰিবলৈ নিদেৰ্শ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ বিভিন্ন স্থানত ভগ্নপ্ৰায় হৈ থকা মথাউৰিসমূহ মেৰামতি কৰিবৰ বাবে বিভাগীয় বিষয়া সকলক নিদেৰ্শ দিয়াৰ কথাও প্ৰকাশ কৰে মহন্তই ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশাই ধেমাজিলৈ আহি আৱৰ্ত ভৱনত উপস্থিত হৈ বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে পৰ্যালোচনা সভাত মিলিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ তাৰ পাচত শুকুৰবাৰে পুৱা চেঙাজানত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে কুমতীয়াৰ মড়ল চুকত মথাউৰি পৰিদৰ্শন কৰি মাজুলীত মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যালোচনা সভাত অংশ ল’বৰ বাবে যাত্ৰা কৰে মন্ত্ৰীগৰাকীয়ে ৷