জোনাই, 17 আগষ্ট: চিলাপথাৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ প্ৰেমকৃষ্ণ দেৱগোস্বামী সোঁৱৰণী প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাতক লৈ চলি থকা চৰ্চা সন্দৰ্ভত মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷ মন্ত্ৰীগৰাকীয়ে কয় যে ন-পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই, এয়া মিডিয়াৰহে সৃষ্টি ৷ চৰকাৰ ভালদৰে চলি আছে আৰু দল শক্তিশালী হৈছে ৷ যিবোৰ কথা ওলাইছে সেয়া কেৱল বিৰোধীৰ ষড়যন্ত্ৰ ৷
বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰি আছে বুলি উল্লেখ কৰি তথ্যৰ অবিহনে কথা কোৱা সম্ভৱ নহয় বুলি মন্তব্য কৰে ৷ লগতে বিৰোধীৰ জালত ৰাইজক ভৰি নিদিবলৈয়ো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷
মন কৰিব লগীয়া যে শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত চলি থকা দেখা পোৱা গৈছে ৷ বিভিন্ন স্থানত পুৰণি বিজেপিয়ে ন-বিজেপিৰ প্ৰতি মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে ৷ এনে সংঘাত অব্যাহত থকাৰ মাজতে আভ্যন্তৰীণ সংঘাতক বিৰোধীৰ ষড়যন্ত্ৰ আখ্যা দিছে মন্ত্ৰী মহনে ৷
উল্লেখ্য যে বৃহস্পতিবাৰে চিলাপথাৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ পিতৃ প্ৰেমকৃষ্ণ দেৱগোস্বামীৰ সোঁৱৰণত অনুষ্ঠিত প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন ৷
উঠি অহা প্ৰজন্মক ড্ৰাগচৰ দৰে বৰবিহৰ পৰা ৰক্ষা কৰি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ খেলা-ধূলাত গুৰুত্ব দিয়াৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷
বুধবাৰে নিশা ধেমাজি আৰু গৰৈমাৰীৰ মাজত অনুষ্ঠিত উত্তেজনা পূৰ্ণ চূড়ান্ত খেলখনত উপস্থিত থাকে স্থানীয় বিধায়ক ভূবন পেগু, সাংসদ প্ৰদান বৰুৱাৰ লগতে বহু বিশিষ্ট ব্যক্তি অতিথি ৰূপে উপস্থিত থাকে।