ETV Bharat / state

সীমা বিবাদ: অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Sep 3, 2022, 6:36 PM IST

অসম-অৰুণাচল সীমান্তত থকা এই গাঁওসমূহৰ সীমা সমস্যাকলৈ দুইখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত সঘনাই সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় । দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ কেবাখনো গাঁও পৰিদৰ্শন কৰে (Minister Jayanta Malla Baruah visited Assam Arunachal border)৷

Minister Jayanta Malla Baruah visited Assam Arunachal border
সীমা বিবাদ: অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ধেমাজি, 3 ছেপ্টেম্বৰ: অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা । দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ কেবাখনো গাঁও পৰিদৰ্শন কৰে (Minister Jayanta Malla Baruah visited Assam Arunachal border)৷

উল্লেখযোগ্য যে অসম-অৰুণাচল সীমান্তত থকা এই গাঁওসমূহৰ সীমা সমস্যাক লৈ দুইখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত সঘনাই সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় । এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল(Resolving Assam Arunachal border disputes ) । এই দীৰ্ঘদিনীয়া সীমা সমস্যাটো সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে । ইফালে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মাজত এই বৈঠকত অনুষ্ঠিত হৈছিল ।

বৈঠকৰ পিছতে যোৱা কেইবাদিন ধৰি দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে আলোচনা অব্যাহত আছে প্ৰতিনিধি দলৰ । এই আলোচনাৰ জৰিয়তে অসমৰ সীমা সমস্যা সমাধান আৰু অৰুণাচল সীমা বিবাদ নিষ্পত্তি কৰা শীঘ্ৰে তাৰ বাবে সঘনাই ৰাজ্য দুখনৰ প্ৰশাসনিক বিষয়া মন্ত্ৰী বিধায়কৰ উপস্থিতিত অব্যাহত ৰাখিছে আলোচনা ।

দুদিনীয়া ভ্ৰমন সূচীৰে ধেমাজি উপস্থিত হোৱা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শনিবাৰে পুৱা ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত Regional committee es of Assam and Arunachal (lower siang district) বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় । কাৰ্যসূচী মৰ্মে মন্ত্ৰীগৰাকীয়ে সীমান্তৱতী অঞ্চলৰ চিলনীত এখন সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতে সীমা সমস্যা সম্পৰ্কত অসমৰ কেইবাটাও সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰে ।

ইপিনে সভাথলী ত্যাগ কৰাৰ পাছতে অসম আৰু অৰুণাচলীক লোকৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ জানিব পৰা মতে সীমাক লৈ একাংশ অসমবাসী আৰু অৰুণাচলীৰ মাজত সৃষ্টি হয় মাৰপিটৰ ঘটনা ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে গোগামুখ ৰাজহচক্ৰৰ নলবাৰী , মিংমাং আদি গাওঁসমুহৰ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ মত-বিনিময়ৰ পিছতে মন্ত্ৰীগৰাকীয়ে কয় - "আমাৰ এই অঞ্চলৰ ৰাইজ বহুত মিলা-প্ৰীতিৰে আছে, তেওঁলোকে মোৰ আগত সেই কথা প্ৰকাশ কৰিছে ৷" বিয়লি চিচিবৰগাঁও ৰাজহ চক্ৰৰ দিপা আৰু পালে নামৰ সীমান্তৱতী গাঁও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: সীমা বিবাদ: অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.