ধেমাজি, 29 অক্টোবৰ : আহোমৰ এসময়ৰ ৰাজধানী পশ্চিম ধেমাজিৰ ঐতিহাসিক স্থান হাবুং পৰিদৰ্শন কৰে স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে হাবুঙত উপস্থিত হৈ বৰ্তমান ৰাজ্য চৰকাৰৰ অধীনত কেইবা কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান হৈ থকা হুলং হফি,ছাউ ছেন ৰেং আদি আনুসংগিক কামৰ বুজ লয় ৷ লগতে হাবুং পুনৰ্নিৰ্মাণ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰি চৰকাৰে দিবলগীয়া অনাদায় পুঁজি মোকোলাই দিয়াৰ আশ্বাস দিয়ে । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে,হাবুং উন্নয়নৰ বাবে চৰকাৰে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিব আৰু হাবুং উপাসনা আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব ৷
হাবুঙৰ পৰা পোনে পোনে মন্ত্ৰীগৰাকীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ অভাৱ-অভিযোগৰ বুজ লয়। ইয়াৰ পিছতেই ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে,ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাজ্যিক কাৰ্য নিবাহক সভা। এই সভাৰ উদ্দেশ্যে শুকুৰবাৰে ধেমাজিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
লগতে পঢ়ক : আদালতলৈ প্ৰেৰণ JEE কাণ্ডৰ 5 অভিযুক্তক