ETV Bharat / state

জোনাইত আয়ৰ প্ৰমাণ পত্ৰৰ নামত চলিছে ব্যাপক জালিয়াতি - Massive fraud in the name of income certificate in Jonai

মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰয়োজন হোৱা আয়ৰ প্ৰমাণ পত্ৰ(income certificate)উলিয়াই দিয়াৰ নামত জোনাইত একাংশ কম্পিউটাৰ দোকানীয়ে সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি ৷ জালিয়াতিৰে ছাত্ৰ-ছাত্ৰীক ভুৱা আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দি ধন ঘটাত নামিছে এইসকল দোকানী ৷

massive-fraud-in-the-name-of-income-certificate-in-jonai
জোনাইত আয়ৰ প্ৰমাণ পত্ৰৰ নামত চলিছে ব্যাপক জালিয়াতি
author img

By

Published : Oct 7, 2021, 9:17 PM IST

জোনাই,7 অক্টোবৰ : আয়ৰ প্ৰমাণ পত্ৰ(income certificate)ৰ নামত ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অঞ্চলত চলিছে ব্যাপক কেলেংকাৰী ৷ একাংশ কম্পিউটাৰ দোকানে জালিয়াতিৰে ভুৱা আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰয়োজন হোৱা তথা জলপানি(schlorship)ৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা আয়ৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে উলিয়াই দিছে একাংশ একাংশ কম্পিউটাৰ দোকানৰ দোকানীয়ে ৷

জোনাইত আয়ৰ প্ৰমাণ পত্ৰৰ নামত চলিছে ব্যাপক জালিয়াতি

উল্লেখ্য যে, এই কম্পিউটাৰ দোকান সমূহে আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ নামত পুৰণি প্ৰমাণ পত্ৰ স্কেন কৰি তাৰিখ আৰু আন আন কিছু বিষয় সালসলনি কৰি ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে ৷ কিন্তু ছাত্ৰ ছাত্ৰী সকলে যেতিয়া এই চাৰ্টিফিকেট সমূহ কলেজত জমা কৰিলে তেতিয়াহে ওলাল ওৰহি গছৰ ওৰ ৷ যিহেতু আয়ৰ প্ৰমাণ পত্ৰ সমূহ অনলাইন যোগে উলিয়াব লাগে তাৰে সুবিধা লৈছে একাংশ কম্পিউটাৰ দোকানে ৷ ফলত ভুক্তভোগী হ'বলগীয়া হৈছে ছাত্ৰ ছাত্ৰী সকল ৷

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে, এই কম্পিউটাৰৰ দোকানী সকলে ম্যাদ উকলা পুৰণি চাৰ্টিফিকেট সমূহকে কিছু সালসলনি কৰি নতুনকৈ ছাত্ৰ ছাত্ৰী সকল প্ৰদান কৰে ৷

এনে জালিয়াতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে ৷ মহকুমা প্ৰশাসন আৰু আৰক্ষীক এনে জালিয়াতি চলাই থকা কম্পিউটাৰ দোকান সমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

লগতে পঢ়কঃ ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.