ETV Bharat / state

Asom Mala Scheme: ধেমাজিত অসম মালা আঁচনিৰ অধীনত ভূমি ক্ষতিপূৰণ আদায় দিয়াৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:02 PM IST

Updated : Sep 3, 2023, 4:18 PM IST

ধেমাজিত 'অসম মালা' আঁচনিৰ ৰূপায়নৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণৰ নামত ধেমাজিৰ একাংশ চৰকাৰী বিষয়াৰ লগ হৈ একাংশৰ লুণ্ঠনৰ আজৱ কাৰবাৰ ৷ চৰকাৰী বিষয়া আৰু এচাম লুণ্ঠনকাৰীৰ কৃপাত পুৰণি বাঁহেৰে দিয়া টিনৰ চালিৰ ঘৰো হৈ পৰিল অসম আৰ্হিৰ ৭৭ লাখ টকীয়া সুন্দৰ ঘৰ !

Asom Mala Scheme
অসম মালা আঁচনিৰ অধীনত ভূমি ক্ষতিপূৰণ আদায় দিয়াৰ নামত ব্যাপক দুনীৰ্তি

ধেমাজি, ৩ ছেপ্টেম্বৰ: চৰকাৰী বিষয়া আৰু এচাম লুণ্ঠনকাৰীৰ কৃপাত পুৰণি বাঁহেৰে দিয়া টিনৰ চালিৰ ঘৰো হৈ পৰিল অসম আৰ্হিৰ ৭৭ লাখ টকীয়া সুন্দৰ ঘৰ ! পুৰণি এটা মহলৰ ঘৰো হৈ পৰিল প্ৰায় ১ কোটি ৬৯ লাখটকীয়া দুমহলীযা বিল্ডিং ! টিনৰ চালিৰ এখনৰ এটাৰ চুকৰ ক্ষতিপূৰণ ১ কোটি ৩ লাখ টকাৰ ৷ ধেমাজিত 'অসম মালা' আঁচনিৰ ৰূপায়নৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণৰ নামত ধেমাজিৰ একাংশ চৰকাৰী বিষয়াৰ লগ হৈ একাংশৰ লুণ্ঠনৰ আজৱ কাৰবাৰ ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰৰ দিনত ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেল অনুষ্ঠিত কৰি তথ্য জনাৰ আইনৰ যোগেদি ভয়ংকৰ দুৰ্নীতি ফাদিল দুই যুৱকৰ ৷ অধিগৃহীত ভূমিৰ ক্ষতিপূৰণৰ নামত কোটি কোটি টকা লুণ্ঠনৰ তদন্ত বিচাৰি তথ্যসহ মুখ্যমন্ত্ৰীসহ মুখ্যসচিব, চি এম ভিজিলেঞ্চ, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, বিধানসভাৰ হিচাব পৰীক্ষণ কমিটীকে আদি কৰি বিভিন্ন বিভাগলৈ আবেদন এই দুই যুৱকৰ ৷

২৪৬ কোটি টকা ব্যয়ৰে অসম মালা আঁচনিৰ অধীনত ৰূপায়ন হৈ থকা ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী ৩২ কিলোমিটাৰ পথ নিৰ্মাণৰ পূৰ্বেই ভূমি অধিগ্ৰহণৰ নামত হোৱা ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬ শ ৪৪ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ অহা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

মাটি অধিগ্ৰহণৰ নামত হোৱা মুঠ ১৪ গৰাকী হিতাধিকাৰীৰ নাম উল্লেখ কৰি সংবাদমেলত মাছখোৱাৰ দুই যুৱক ক্ৰমে চিন্টু শইকীয়া আৰু মিন্টুৰাজ কামানে কয় যে, বাঁহৰ কেঁচা ঘৰকো পকা ঘৰ দেখোৱাই, এক মহলা ঘৰকো দুই মহলা আৰু ক্ষুদ্ৰ ৱালখনকো ডাঙৰ আকাৰৰ চৌহদৰ ৱাল দেখোৱাই, ঘৰ নোহোৱা ঠাইতো ঘৰ থকা দেখোৱাই, সোঁৱে-বাওেঁ ক্ষতিপূৰণৰ নামত একাংশ দালালৰ লগ হৈ ধনৰ খকোঁৱা ধেমাজিৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এই বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতি চূড়ান্ত তালিকা প্ৰস্তুত কৰি কোটি কোটি টকা লুণ্ঠন চলোৱাৰ তথ্য ফাদিল ধেমাজিৰ দুই সচেতন যুৱকৰ ৷

ইপিনে ভূমি ক্ষতিপূৰণৰ নামত কোটি কোটি থকা চৰকাৰী ধন আৱন্টন দিয়া সময়তে মাছখোৱা চাৰিআলিটো প্ৰাককলন মতে কাম আৰম্ভ নকৰিলে আগন্তুক দিনত ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাত সৰৱ হৈ পৰিছে মাছখোৱা চাৰাআলিৰ স্থানীয় সচেতন লোক ৷ এয়া প্ৰকৃততে অসম মালা নে চৰকাৰী সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ পকেটলৈ যোৱা ধনৰ মালা ! ইয়াকে লৈ এতিয়া সমগ্ৰ জিলাখনত চলিছে ব্যাপক চৰ্চা ৷

লগতে পঢ়ক: Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

Last Updated : Sep 3, 2023, 4:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.